ashomiyapatrika.com

ৰামপুৰৰ প্ৰবীণ সাংবাদিক বিমল শৰ্মাৰ জীৱনৰ পঞ্চাশ বৰ্ষ পূৰ্তি উপলক্ষে অভিনন্দন গ্ৰন্থ ‘স্বৰ্ণলিপি’ উন্মোচন

0 39

বকোঃ সমাজ আৰু সামাজিক জীৱনত শ্ৰম – ঘাম আৰু প্ৰগাঢ় জীৱনবোধেৰে সমৃদ্ধ, জেষ্ঠ্য সাংবাদিক তথা সমাজকৰ্মী কামৰূপ জিলাৰ ৰামপুৰ নিবাসী বিমল শৰ্মাৰ জীৱনৰ পঞ্চাশ বৰ্ষ পূৰ্তি উপলক্ষে আজি আয়োজন কৰে অভিনন্দন অনুস্থান। ৰামপুৰৰ সৃষ্টিধাৰা সংস্থাৰ লগতে অঞ্চলটোৰ মানৱ দৰদী প্ৰসেনজিৎ কলিতা, তাপস মেধি, ৰুবুল চৌধুৰী, কিশোৰ কলিতাকে ধৰি বহু কেইজন ব্যক্তিৰ উদ্যোগত ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সভা কক্ষত আয়োজন কৰা হৈছে অভিনন্দন অনুস্থানটো। উল্লেখ্য যে নিয়মীয়া বাৰ্তা কাকতৰ ৰামপুৰৰ সাংবাদিক বিমল শৰ্মাৰ বয়স পঞ্চাশ বছৰ পুৰ্ণ উপলক্ষে আয়োজন কৰা অভিনন্দন অনুস্থানটোৰ সঞ্চালনা কৰে ৰামপুৰ

আঞ্চলিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অশ্বিনী কুমাৰ মজুমদাৰে। শৰ্মা দেৱৰ জীৱনৰ আধাৰত তেওঁৰ অনুগামী কেৱাজনো শুভাকাংশীয়ে প্ৰকাশ কৰা অভিনন্দন গ্ৰন্থ ‘স্বৰ্ণলিপি’ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে অসমৰ আগশাৰীৰ বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ উপ সম্পাদক ড° গীতালী শইকীয়াই। অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যক্ষ যুগল চন্দ্ৰ বৈশ্য, ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ।দিনমণি দাস, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক তথা প্ৰবীণ সাংবাদিক উপেন ডেকা, অভিনন্দন গ্ৰন্থৰ প্ৰকাশক প্ৰসেণজিৎ কলিতা, নিয়মীয়া বাৰ্তাৰ ছয়গাঁওৰ সাংবাদিক বিশ্বজিৎ কলিতা। ইফালে অনুস্থানত উপস্থিত থাকে

ড° গীতালী শইকীয়াৰ স্বামী কৌতুক শিল্পী সঞ্জীৱ লোচন তামুলীকে ধৰি বহু কেইজন বিশিষ্ট অতিথি। বহু অনুস্থান, প্ৰতিস্থান আৰু ব্যক্তি বিশেষে পঞ্চাশ বছৰীয়া ইতিহাসৰ এক বৌদ্ধিক তথা মনোজ্ঞ অনুস্থানৰ জৰিয়তে অনুস্থানসুচী ৰূপায়ণ কৰা হয়।

Leave A Reply

Your email address will not be published.