ashomiyapatrika.com

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মালিগাঁৱৰ নৱনিৰ্মিত নীলাচল উৰণীয়া সেতু

0 51

গুৱাহাটীঃ মহানগৰবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা মালিগাঁৱৰ নৱনিৰ্মিত নীলাচল উৰণীয়া সেতুখন আজি সন্ধিয়া ৰাইজৰ বাবে মুকলি কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ যান যটৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো উৰনীয়া সেতু নিৰ্মাণৰ প্ৰকল্প হাতত লৈছে৷ ইয়াৰে ভিতৰত কামেখ্যাৰ পৰা মালিগাঁৱলৈ নিৰ্মাণ হৈ উঠা দীৰ্ঘতম উৰনীয়া সেতুখন মুকলি কৰাৰ পিছতে যান যটৰ সমস্যা হ্ৰাস হব বুলি ধাৰণা কৰা হৈছে৷ মকলিৰ প্ৰাকক্ষণত অতি সুন্দৰকৈ সজাই তোলা হৈছিল সেঁতুখন। বহু চিত্ৰশিল্পীৰ ৰং তুলিকাৰ পৰশেৰে এক অনন্য ৰূপ লাভ কৰিছে সেঁতুখনে। শিল্পীসকলে পেইণ্টিঙৰ জৰিয়তে

অসমৰ বিভিন্ন কৃষ্টি–সংস্কৃতিৰ আভাস তুলি ধৰিছে৷ যিটো দৃশ্য দেখি সকলো হতবাক হৈ পৰিছে৷ আজি আবেলি বহু লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে উৰনীয়া সেতুখন মুকলি কৰি ভাষণত প্ৰসংগত কয় যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ২০২০-২১ বৰ্ষত সিদ্ধান্ত লৈছিল মালিগাঁৱত এখন উৰণ সেতু নিৰ্মাণৰ বাবে আৰু চৰকাৰৰ সপোন সেয়া ৩৫ মাহৰ ভিতৰত সম্পূৰ্ণ হল৷ তেওঁ লগতে কয় অন্যটো বাদেই উৰণীয়া সেতুখনৰ নিৰ্মাণত জড়িত থকা প্ৰত্যেকগৰাকীয়ে অসমৰ লোক যিটো আমাৰ বাবে গৌৰৱৰ কথা আৰু এই নতুন সেতুখনৰ নিৰ্মাণে যাতায়াত ব্যৱস্থা অতি সুচল কৰিব৷ আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰী শৰ্মাই বিমানবন্দৰৰ

টাৰ্মিনেল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লগতে ধাৰাপুৰৰ পৰা ৬ লেনযুক্ত পথ, দীপৰ বিলৰ সন্মুখত ৰটাৰী নিৰ্মাণ, ভৰলুমুখৰ ৰে’ল ক্ৰছিঙৰ ওপৰত এখন উৰণীয়া সেতু, ৰাজীৱ ভৱনৰ সন্মুখত উৰণীয়া সেতু নিৰ্মাণৰ পৰিকল্পনাৰ বিষয়ে ৰাইজক অৱগত কৰে৷ অহা বছৰ পূজাৰ আগে আগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা সেতু ৰাইজলৈ উপহাৰস্বৰূপে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰীয়ে জু–ৰোডৰ শ্ৰদ্ধাঞ্জলি সেতু দুৰ্গা পূজাৰ পঞ্চমীৰ দিনা মুকলি কৰিব বুলি প্ৰকাশ কৰে। নাৰেংগী আৰু কুৰুৱাৰ মাজতো উৰণীয়া সেতু বনাবলৈ গৈ আছোঁ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যত মুঠ ৮৪২খন দলঙৰ নিৰ্মাণ সম্পূৰ্ণ

কৰাৰ বিষয়ে জানিবলৈ দিয়ে। আনকি অতি সোনকালে গুৱাহাটী ৰিৰ্জাভ বেংকৰ পৰা বামুণীমৈদামলৈ উৰণীয়া সেতুৰ কাম আৰম্ভ কৰা হ’ব বুলি তেওঁ কয়৷ আজিৰ উদ্ধোধনী অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহাল, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰৰ বিধায়ক অতুল বৰা, মেয়ৰ মৃগেন শৰনীয়াকে ধৰি বহু লোক উপস্থিত আছিল৷

Leave A Reply

Your email address will not be published.