হকী খেলৰ সম্ৰাট ধ্যানচান্দ সিঙৰ স্মৃতিত বকোত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালনঃ খেল মহাৰণ ২০২৩/২৪ শুভাৰম্ভ
বকোঃ বিশ্বত হকী খেলৰ যাদুকৰ হকী সম্ৰাট প্ৰয়াত ধ্যানচান্দ সিঙৰ স্মৃতিত সমগ্ৰ বিশ্বতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ বকো ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত আজিৰ পৰা আৰম্ভ হৈছে খেল মহাৰণ ২০২৩-২৪৷ উল্লেখ্য যে জিলা ক্ৰীড়া বিষয়া খনীন্দ্ৰ মূদৈৰ তত্বাৱধানত খেল মহাৰণৰ প্ৰশিক্ষণ শিবিৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকো ক্ৰীড়া সন্থাৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ পাৰিষদ অৰ্জুন চেত্ৰীয়ে। বিশিষ্ট ক্ৰীড়া সংগঠক পংকজ ভড়ালী আৰু অচ্যুতানন্দ
কলিতাৰ সহযোগত ‘আমাৰ খেল আমাৰ গৌৰৱ’ শীৰ্ষক বাণীৰে ফুটবল, ভলীবল, কাবাডী, খো – খো আৰু এথলেটিক খেলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰে। অনুস্থানত বকো ক্ৰীড়া সন্থাৰ উপ সভাপতি প্ৰবীণ তালুকদাৰ, উপদেষ্টা গোপাল শৰ্মা, সঞ্জয় চৌধুৰী, দূৰ্গেশ্বৰ ৰাভা, সুভাষ গয়াৰী, গোবিন্দ দাসকে ধৰি বহু ক্ৰীড়া সংগঠকে সহায় আগবঢ়ায়। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় দুই শতাধিক খেলুৱৈ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে।