ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী
গুৱাহাটীঃ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযূষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় পল্লব লোচন দাস আৰু পুলক গোহাঁইৰ উপস্থিতিত আজি দলৰ মুখ্য কাৰ্যালয়ত এক যোগদান কার্যসূচী অনুষ্ঠিত হৈ যায়। আজিৰ অনুষ্ঠানত তিতাবৰ পৌৰ সভাৰ ৱাৰ্ড মেম্বাৰ ৰাজীৱ দত্ত আৰু নিপা চেতিয়া লাহনে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰে। সভাপতি কলিতাই আজি যোগদান কৰা দুয়োজনকে দলৰ মজিয়ালৈ আদৰণি জনোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শ মানি চলিবলৈ আহ্বান জনায়।