ashomiyapatrika.com

ৰঙিয়াত সদৌ অসম কবি মঞ্চ-সন্দীপ কলিতা ন্যাসৰ অনুষ্ঠান সম্পন্ন

0 47

সংবাদ জগতলৈ নিষ্ঠা, ত্যাগ আৰু সততাৰে সেৱা আগবঢ়োৱা সাংবাদিক তৰণীচৰণ কলিতা, তাপস সমাদ্দাৰ আৰু নছিউৰ ৰহমানক ‘সংবাদৰত্ন’ বঁটা প্ৰদান

ৰঙিয়াঃ সদৌ অসম কবি মঞ্চ আৰু প্ৰয়াত সন্দীপ কলিতা ন্যাসৰ উদ্যোগত ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত ১৯গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰাৰ লগতে ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই অনা সাতগৰাকী কৃতী শিক্ষার্থীক সন্দীপ কলিতা সোঁৱৰণী মেধা বঁটা প্ৰদান কৰা হয়। বিশিষ্ট সমাজসেবিকা মঞ্জু কলিতাই প্রয়াত সন্দীপ কলিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বস্তি প্রজ্বলন কৰাৰ লগতে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপিকা বিজুলী চক্রৱর্তী আৰু অসম সাহিত্য সভাৰ মাতৃভাষা ৰাজ্যভাষা প্রযোগ সমিতিৰ আহ্বায়ক হেমন্ত কলিতাৰ লগতে অসমীয়া প্রতিদিন কাকতৰ সাংবাদিক তৰণীচৰণ কলিতাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। সদৌ অসম কবি মঞ্চৰ সভাপতি

জাভেদ জামানে আদৰণী ভাষণ প্রদান কৰা আৰু সম্পাদক জিতু কাঞ্চনে আঁত ধৰা অনুষ্ঠানত সদৌ অসম কবি মঞ্চ আৰু প্ৰয়াত সন্দীপ কলিতা ন্যাসৰ পৃষ্ঠপোষক ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শ‍ইকীয়া, এমট্ৰনৰ উপ-প্ৰবন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি ধৰ্মেশ্বৰ দাসে অংশগ্রহণ কৰে। অনুষ্ঠানত সদৌ অসম কবি মঞ্চই ২০২৩ বৰ্ষৰ বাবে ১৯ গৰাকী বিশিষ্ট ব্যক্তি ক্রমে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাক ‘প্রজ্ঞাবত বঁটা’ অসমীয়া সমাজ জীৱনলৈ বিশেষ সেৱা আগবঢ়োৱা গুৱাহাটী মহানগৰৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু

দাস, লাচিত বৰফুকন পুলিচ একাডেমী, দেৰগাঁৱৰ উপ-আৰক্ষী অধীক্ষক কিৰণ চন্দ্ৰ নাথ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক মৃণাল ভূঞাক ‘সেৱাৰত্ন’ বঁটা’, বিশিষ্ট লেখিকা সৰোজনী বসুমতাৰী, বিশিষ্ট লেখক অধীৰ চন্দ্ৰ দাস আৰু বিশিষ্ট লেখক তথা শিক্ষাবিদ মইনুল হক চৌধুৰীক ‘প্রজ্ঞাশ্রী’ বঁটা, সংবাদ জগতলৈ নিষ্ঠা, ত্যাগ আৰু সততাৰে সেৱা আগবঢ়াই অহা ‘অসমীয়া প্ৰতিদিন’ৰ ডিমুৰ সাংবাদিক তৰণীচৰণ কলিতা, বিশিষ্ট সাংবাদিক তাপস সমাদ্দাৰ আৰু নছিউৰ ৰহমানক ‘সংবাদৰত্ন’ বঁটা, অসমীয়া সাংস্কৃতিক ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা অভিনেতা জয়ন্ত ভাগৱতী, মাধুৰিমা চৌধুৰী আৰু জগদীশ শৰ্মাক ‘কলাৰত্ন’ বঁটা, যুৱ

আবৃত্তিকাৰ নম্রতা প্রীতম গোস্বামী, ৰিছা কলিতা আৰু বৰ্ষা দাসক ‘কাব্যকণ্ঠ’ বঁটা, নতুন প্ৰজন্মৰ বিশিষ্ট কবি হীৰামণি লাহন, দীপিকা ফুকন আৰু আব্দুল কাদেৰ মিঞাক প্ৰজ্ঞাৰ সাধনা’ বঁটা প্ৰদান কৰা হয়। অৱশ্যে ব্যক্তিগত অসুবিধাৰ বাবে বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাসহ কেইবাগৰাকী ব্যক্তি অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাত উদ্যোক্তাসকলে পৰৱৰ্তী সময়ত নিজ বাসগৃহলৈ গৈ তেওঁলোকক এই বঁটা প্ৰদান কৰিব বুলি জনায়। উক্ত অনুষ্ঠানতে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰঙিয়াৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰা ইমন কলিতা, দ্বিতীয় হিমজ্যোতি ডেকা, তৃতীয় নিছিমা ফাৰহানা আৰু দৰ্শীনা বৰুৱা আৰু উচ্চতৰ মাধ্যমিক

বাণিজ্য, বিজ্ঞান আৰু কলা শাখাৰ চূড়ান্ত পৰীক্ষাত ৰঙিয়াৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰা ক্ৰমে তৃষ্ণা দাস, মূর্ছনা অগ্নি দাশ্য আৰু পৰিস্মিতা গোস্বামীক প্রয়াত সন্দীপ কলিতা ন্যাসৰ তৰফৰ পৰা নগদ দহ হেজাৰ টকাকৈ এককালীন জলপানিসহ মেধা বঁটা প্ৰদানৰ লগতে কৃতী ছাত্র-ছাত্রীসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাই বিশিষ্ট কবি জিতু কাঞ্চনে সম্পাদনা কৰা সদৌ অসম কৰি মঞ্চৰ মাহেকীয়া আলোচনী প্ৰজ্ঞাৰ সন্ধানত ‘ উন্মোচন কৰাৰ লগতে অভিনেতা তথা পৰিচালক ডাঃ জয় বৰা আৰু এমট্ৰনৰ উপ-প্ৰবন্ধক দিনমণি ভাণ্ডাৰ কায়স্থই ক্রমে হীৰামণি লাহনৰ ‘ফুল ফুলাৰ কথা আছিল আৰু আব্দুল কাদেৰৰ

‘অজানিতে’ নামৰ গ্ৰন্থ দুখন উন্মোচন কৰে। ৰঙিয়া মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষার্থীসকলে সমবেত সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক গোষ্ঠীয়ে পৰিবেশন কৰা অনুষ্ঠানে উপস্থিত সকলোকে অভিভূত কৰে।

Leave A Reply

Your email address will not be published.