ashomiyapatrika.com

ৰাজ্যত পুনৰ ১৮ খনকৈ নতুন টোলগে’ট স্থাপনৰ চৰকাৰী ভয়ংকৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

0 42

গোলাঘাটত সংবাদ মেল সম্বোধন কৰি মূল্যবৃদ্ধিত জুৰুলা জনসাধাৰণক পুনৰ টোলগে’টৰ জৰিয়তে চলোৱা লুণ্ঠনৰ বিৰুদ্ধে সৰৱ বিদ্যুৎ শইকীয়া

গোলাঘাটঃ বিজেপি নেতৃত্বাধীন চৰকাৰখনে উৎপাদনশীল কাম-কাজৰ বিপৰীতে জনতোষণমূলক চমক সৃষ্টিকাৰী নিৰ্বাচনমুখী হিতাধিকাৰী আঁচনি গ্ৰহণ কৰিবলৈ হাজাৰ কোটি টকা ধাৰ লোৱাৰ লগতে নিতৌ নতুন কৰ সংগ্ৰহৰ জৰিয়তে জনসাধাৰণক এক জীয়াই থাকিব নোৱাৰা পৰিৱেশলৈ ঠেলি দিছে৷ খাদ্য সামগ্ৰীৰ পৰা ৰোগীৰ সাধাৰণ দৰৱলৈকে অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটোৱা চৰকাৰে পুনৰ অসমীয়া ৰাইজক শোষণ কৰিবৰ কাৰণে ১৮ খন কৈ নতুন টোলগে’ট স্থাপনৰ ভয়ংকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত চলি থকা জ্ঝ খনকৈ টোলগে’টৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত

চলি অহা ধাৰাবাহিক আন্দোলন আৰু ৰাইজৰ সহমতক চূড়ান্ত উপেক্ষা কৰি মূল্যবৃদ্ধিৰ ভৰত কোঙা হৈ থকা জনসাধাৰণক টেটুচেপা দিবৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ সহযোগত অসম চৰকাৰে এনে হিটলাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি গোলাঘাটত সংবাদ মেল সংম্বোধন কৰি এনেদৰে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ বিৰুদ্ধে গৰজি উঠে কৃষক মুক্তি সংগ্ৰাম সমিতি৷ সংবাদ মেল সংম্বোধন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে বিগত ২০২২ চনৰ ২২ মাৰ্চ তাৰিখে লোক সভাত খোদ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই কৈছিল যে NH Fee Rules

২০০৮, ২০০৮ চনৰ প্ত ডিচেম্বৰ গেজেট নটিফিকেচনৰ বিধি উলংঘা কৰি ভাৰতবৰ্ষৰ ১৮৯ টোলগে’টৰ ভিতৰত অসমতো চাৰিখন কৈ টোলগে’টৰ মাজৰ দূৰত্ব ৬০ কিলোমিটাৰতকৈ কম, আৰু এই চাৰিখন কৈ অবৈধ টোলগে’ট তিনিমাহৰ ভিতৰত বন্ধ কৰি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰিছিল৷ সেই টোলগে’ট কেইখন আছিল নাজিৰাখাটৰ পৰা মদনপুৰ (৫৯), দাহালপাৰ পৰা পাটাগাওঁ (৫৪), মিকিৰআটিৰ পৰা ৰহা (৫৩), গালিয়াৰ পৰা দাহালপুৰ (৪৬) মাত্ৰ৷ অসমত চলি থকা ৯ খন টোলগে’টৰ চাৰিখনেই অবৈধ হোৱাৰ পাছতো কেৱল লুণ্ঠনৰ কাৰণে আজি পৰ্যন্ত এখনো টোলগে’ট বন্ধ কৰা নহ’ল, ইয়াৰে ভিতৰত নিয়ম অনুসৰি পৌৰ এলেকাৰ

পৰা প্ৰতিখন টোলগে’টৰ দূৰত্ব অতিকমেও দহ কিলোমিটাৰ হ’ব লাগে যদিও ৰহা টোলগে’টৰ দূৰত্ব ৰহা পৌৰ এলেকাৰ পৰা দূৰত মাত্ৰ এশ মিটাৰ। ইমানৰ পাছতো কেৱল মাত্ৰ শোষণৰ স্বাৰ্থত এই টোলগেটসমূহ অবৈধভাৱে চলাই থকা হৈছে৷ সাধাৰণ সম্পাদকগৰাকীয়ে স্পষ্টভাৱে অভিযোগ কৰে যে অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ পৃষ্ঠপোষকতাত তেখেতৰ ভাতৃ জড়িত হৈ থকা এটা নিৰ্দিষ্ট কোম্পানী এম বি কনছটিয়ামে ৯ খন টোলগে’টৰ সৰহ সংখ্যকতে অবৈধভাৱে নিবিদা লাভ কৰি আহিছে, আৰু এই নেক্সাছৰ জৰিয়তে টোলগে’টসমূহত দিনৰ ভাগত জণসাধাৰণক টেটুচেপা দি টোলকৰ সংগ্ৰহৰ সমান্তৰালভাৱে নিশা বিজেপি ভেৰণীয়া বাহিনীৰ দ্বাৰা

গুণ্ডাকৰ সংগ্ৰহ কৰা হয়৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে মন্ত্ৰীৰ ভাতৃ অথবা একাংশ ৰাজনৈতিক নেতাৰ সংস্থাপন জীৱন-জীৱিকাৰ বাবে সাধাৰণ ৰাইজক টেটুচেপি অসমত ইখনৰ পিছত সিখনকৈ টোলগে’ট নিৰ্মাণ কৰি থকা হৈছে৷ সংগঠনটোৱে লগতে কয় যে টোলগে’টৰ ধাৰণাটো হৈছে ব্যৱসায়িক স্বাৰ্থৰ বাবে। ৰাইজৰ দ্বাৰা নিৰ্মাণ কৰা পথত সাধাৰণ ৰাইজৰ বাবে বিকল্প পথৰ নিৰ্মাণ নকৰাকৈ মূল পথটোত টোলগে’ট নিৰ্মাণ কৰিব নোৱাৰে, কিন্তু অসমৰ কোনো এখন টোলগে’ট নিৰ্মাণৰ ক্ষেত্ৰত এনে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বিপৰীতে খাটি খোৱা মানুহৰ পৰাও বাধ্যতামূলকভাৱে জোৰ-জুলুমকৈ টোলকৰ সংগ্ৰহ কৰা হৈছে৷ যাৰ বাবে কৃষক মুক্তি সংগ্ৰাম

সমিতিয়ে অসমবাসী ৰাইজৰ সহযোগত ২০১৫ চনৰ পৰা ২০১৭ চনলৈকে ৰহা টোলগে’ট ২০১৫ চনৰ পৰা ২০২০ চনলৈকে বিজনী টোলগে’ট সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল৷ পৰৱৰ্তী সময়ত ক’ভিড আৰু ‘কা’ আন্দোলনত আমাৰ নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰি চোৰৰ দৰে টোলগে’ট সমূহ খুলি দিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৯ খনকৈ টোলগে’টৰ লগতে নতুনকৈ স্থাপন কৰিবলৈ লোৱা গোলাঘাটৰ ৰঙামাটি আৰু ৰঙাজান টোলগে’টৰ লগতে লখিমপুৰ পথালি পাহাৰ আৰু বগীবিলকে ধৰি চৰকাৰে নিৰ্মাণ কৰি থকা আটাইবোৰ টোলগে’ট বন্ধ কৰি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ কিন্তু ৰাইজৰ তীব্ৰ প্ৰতিবাদক আওকাণ কৰি টোলগে’ট সম্পৰ্কীয়

সকলো নীতি-নিয়ম জলাঞ্জলি দি কেৱল জনসাধাৰণৰ পৰা ব্যাপক কৰ সংগ্ৰহ কৰি মন্ত্ৰী বিধায়কৰ ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থত এনেকৈয়ে নতুন কৈ টোলগে’ট নিৰ্মাণ কৰা হৈছে৷ চৰকাৰ পৰিকল্পনা অনুসৰি দুৰ্গাপূজাৰ আগেয়ে মূল্যবৃদ্ধি, কৰ-কাটলে জুৰুলা কৰা ৰাইজক মাধমাৰ দি দেৰগাঁও ৰঙামাটি, তেজপুৰৰ কলিয়াভোমোৰা, বিশ্বনাথ, লখিমপুৰৰ পথালি পাহাৰ আৰু বগীবিল টোলগে’ট মুকলি কৰিবলৈ চৰকাৰ আগবাঢ়িছে৷ ইয়াৰ ওপৰিও মেৰাপানী, জাজী আৰু ডিমৌত নতুনকৈ টোলগে’ট বহুৱাৰ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছে৷ চৰকাৰী তথ্য অনুসৰি চলিত ন খন টোলগে’টৰ জৰিয়তে অসমৰ জনসাধাৰণৰ পৰা

বৰ্তমানলৈকে ৪৮৮ কোটি টকা সংগ্ৰহ কৰিছে চৰকাৰে৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি সৰ্বমুঠ ২৭ খন টোলগে’ট অসমত সম্পূৰ্ণ হৈ উঠিলে জনসাধাৰণৰ কি পৰিস্থিতি হ’ব সেয়া সহজেই অনুমেয়৷ সংবাদ মেলত উপস্থিত কৃষক মুক্তিৰ নেতৃত্বই কয় যে অসমৰ মাটি, শিল আৰু বালিৰে ৰাজপথত ৰাইজৰ চলাচলৰ বাবে নীতি বহিৰ্ভূতভাৱে টোলগে’ট স্থাপন কৰি ৰাইজৰ পৰা গুণ্ডাকৰ সংগ্ৰহ কৰা কাৰ্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও গ্ৰহণ নকৰে৷ শদিয়াৰ পৰা ধুবুৰীলৈকে সৰ্বমুঠ ২৭ খন টোলগে’ট নিৰ্মাণ কৰাৰ ফলত এখন সৰু গাড়ী লৈ এজন ব্যক্তি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ’লে প্ৰায় ৮,৫০০ টকা বৰ্তমান হিচাপত ভৰিব লাগিব, সমান্তৰালভাৱে

অভাৱনীয়ভাৱে প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিব৷ কৃষক মুক্তি সংগ্ৰাম সমিতৰ স্পষ্ট দাবী অসমৰ ন পুৰণি সকলো টোলগে’ট অতি শীঘ্ৰে বন্ধ কৰক অন্যথা আমি ২০১৫ চনৰ দৰে ৰাইজক লগত লৈ নিজাববীয়াকৈ টোলগে’টসমূহ বন্ধ কৰি দিবলৈ বাধ্য হ’ম৷ আজিৰ এই সংবাদ মেলত বিদ্যুৎ শইকীয়াৰ লগতে উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ যুটীয়া সাধাৰণ সম্পাদক ৰুপম গগৈ, জিলা কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী আৰু কৃষক মুক্তিৰ গোলাঘাট জিলাৰ সদস্য পলাশ গগৈ৷

Leave A Reply

Your email address will not be published.