ashomiyapatrika.com

সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ উদ্যোগত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

0 38

গুৱাহাটীঃ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ উদ্যোগত অসম চৰকাৰে ঘোষণা কৰা পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি -২০২২ অতি শীঘ্ৰে কাৰ্যকৰী কৰা আৰু অন্যান্য দাবীত খানাপাৰা পৰিবহণ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে আৰু পৰিবহণ আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে৷ মটৰ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া গুৰুত্বপূৰ্ণ দাবী সমূহৰ ভিতৰত অন্যতম দাবী মটৰ শ্ৰমিকৰ কল্যাণ আঁচনিৰ দাবীটো চৰকাৰে বিবেচনা কৰি যোৱা বছৰৰ ১৯ডিছেম্বৰতে ঘোষণা কৰিছে যদিও উক্ত আঁচনিখনৰ যাবতীয় কামৰ কোনো ধৰণৰ অগ্ৰগতি হোৱা নাই। ফলত শ্ৰমিক সকল ক্ষোভিত হৈ পৰিছে। স্মাৰক পত্ৰ প্ৰদান কৰি সদৌ অসম

মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজ্জাক আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে – বেচৰকাৰী খণ্ডৰ মটৰ পৰিবহণত কাম কৰা শ্ৰমিক সকল বিভিন্ন সমস্যাত জৰ্জৰিত। এই বেচৰকাৰী পৰিবহণ খণ্ডত জড়িত প্ৰায় ২০ লক্ষাধিক শ্ৰমিকৰ অধিকাংশ শিক্ষিত নিবনুৱা আৰু স্ব:নিয়োজিত শ্ৰমিক।এই শ্ৰমিক সকলে হাড়ভঙা পৰিশ্ৰম কৰি দেশৰ জনসাধাৰণৰ সেৱা আগবঢ়োৱাৰ লগতে দেশৰ অৰ্থনীতিত বিশেষ অৰিহণা যোগাই আহিছে যদিও উক্ত শ্ৰমিক সকলক চৰকাৰে গুৰুত্ব নিদিয়াটো অতি দুৰ্ভাগ্য জনক। আনহাতে বিভিন্ন ধৰণৰ কৰৰ বোজা জাপি দি জৰিমনাৰ মাত্ৰা বৃদ্ধি কৰি শ্ৰমিক সকলক আৰ্থিক ভাৱে জুৰুলা কৰি পেলাইছে।

গতিকে জৰিমনা আৰু কৰৰ বোজা হ্ৰাস কৰিবলৈ চৰকাৰক আহ্বান জনায় আৰু অতি শীঘ্ৰে মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি -২২ খন কাৰ্যকৰী কৰিবলৈ চৰকাৰক অনুৰোধ জনায়। অতি সোনকালে আঁচনিখন কাৰ্যকৰী নকৰিলে সমগ্ৰ অসমৰ সকলো মটৰ শ্ৰমিক সংগঠন সমূহ এক লগহৈ অসমৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চৰ উদ্দোগত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.