ashomiyapatrika.com

পুনৰ দক্ষিণ কামৰূপ জিলা ঘোষণাৰ পৰা বঞ্চিত অঞ্চলবাসী

0 40

পুৰ্বৰ কংগ্ৰেছ চৰকাৰে গঠন কৰা জিলা বি জে পি চৰকাৰে ভংগ কৰে

বকোঃ ৰাজ্যত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্য্যকালত ২০১৬ ইংৰাজী চনৰ ১৬ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল দক্ষিণ কামৰূপ জিলা। কালক্ৰমত তৰুণ গগৈৰ শাসনাধীন কংগ্ৰেছ চৰকাৰ ভংগ হ’ল আৰু ৰাজ্যত গঠন হ’ল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। এই বি জে পি চৰকাৰ গঠন হোৱাৰ পিছত কংগ্ৰেছৰ আমোলত গঠন হোৱা দক্ষিণ কামৰূপ জিলা ভংগ কৰি দিয়া হয়। উল্লেখ্য যে দক্ষিণ কামৰূপ জিলা গঠন হোৱাৰ পিছত ছয়গাঁও চহৰৰ মাজমজিয়াত থকা ৰাজহ চক্ৰৰ কাৰ্য্যালয় চৌহদত জিলা উপায়ুক্তৰ কাৰ্যালয় স্থাপন কৰি কাম কাজ আৰম্ভ কৰিছিল। প্ৰায় এবছৰ কাল জিলা উপায়ুক্তৰ কাৰ্যালয় হিচাপে সমগ্ৰ দক্ষিণ কামৰূপৰ জনসাধৰণৰ বিভিন্ন

বিষয়ৰ সেৱা আগবঢ়াইছিল। কিন্তু চৰকাৰ সলনি হোৱাৰ পিছতে দক্ষিণ কামৰূপ জিলা খন ভংগ কৰি দিয়া হ’ল। ঠিক তেনেদৰে পূৰ্বৰ তৰুণ গগৈ চৰকাৰৰ কাৰ্য্যকালত ২০১৫ ইংৰাজী চনৰ ১২ জুনৰ দিনা ডাঃ ভূমিধৰ বৰ্মনৰ অধ্যক্ষতাত গঠিত কেবিনেট কমিতিয়ে বহু কেইটা মহকুমা ঘোষণা কৰিছিল আৰু সেই চনৰে ৭ জুলাইত অসম চৰকাৰৰ চিঠি নম্বৰ জি এ জি ( বি) ২৯/২০১৫/১৬২এ) মৰ্মে চৰকাৰী ভাৱে অনুমোদন কৰিছিল বকো মহকুমা। কিন্তু সময়ত চৰকাৰৰ ঘোষণা ফুটুকাৰ ফেনত পৰিণত হ’ল। ইফালে বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম চৰকাৰৰ মুৰব্বী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱা ২৫ আগষ্টত আয়োজন কৰা অসম চৰকাৰৰ ১০০ সংখ্যক


কেবিনেট বৈথকত পূৰ্বে ভংগ কৰা চাৰিখন জিলা পুনৰ ঘোষণা কৰি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু ২০১৬ চনতে ভংগ কৰা দক্ষিণ কামৰূপ জিলা পুনৰ গঠন কৰা নহ’ল। চৰকাৰৰ এই কাৰ্য্যই সমগ্ৰ দক্ষিণ কামৰূপৰ জনসাধৰণক পুনৰ প্ৰতাৰণা কৰিলে। পুনৰ বঞ্চিত হ’ল দক্ষিণ কামৰূপৰ ভোটাৰ ৰাইজ। আনহাতে উক্ত দিনাৰ কেবিনেটত হোৱা সিদ্ধান্ত মৰ্মে কামৰূপ জিলাৰ বকোক উপ জিলা হিচাপে বিবেচনা কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনায় বকোৰ সমাজ সচেতন ৰাইজে।

Leave A Reply

Your email address will not be published.