বিশিষ্ট নিৱন্ধকাৰ, ভাৰতীয় ষ্টেট বেংকৰ প্ৰাক্তন সঞ্চালক অনন্ত কলিতাৰ দেহাৱসান, ৰাজ্যজুৰি শোকৰ ছাঁঃ নৱগ্ৰহ স্মশানত শেষকৃত্য সম্পন্ন
গুৱাহাটীঃ বিশিষ্ট নিৱন্ধকাৰ, ভাৰতীয় ষ্টেট বেংকৰ প্ৰাক্তন সঞ্চালক তথা চি পি আই(এম)ৰ প্ৰাক্তন ৰাজ্যিক সদস্য কমৰেড অনন্ত কলিতাৰ আজি পুৱা ৬-১০ বজাত দেহাৱসান হয়৷ কৰ্কট ৰোগত আক্ৰান্ত হৈ বহুদিন নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন আছিল। চিকিৎসাধীন অৱস্থাতে আজি পুৱা ৭৬ বছৰ বয়সত বিয়োগ ঘটে অনন্ত কলিতাৰ৷ ষ্টেট বেংক কৰ্মচাৰী আন্দোলনৰ দীৰ্ঘদিনৰ নেতা তথা অসমৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী কলিতাৰ মৃত্যুৰ খবৰে ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে৷ বিশিষ্ট অৰ্থনীতিবিদ, লেখক অনন্ত কলিতাৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে হস্পিতাল আৰু তেখেতৰ সৰুমটৰীয়াৰ বাসগৃহত অসংখ্য
গুনমুগ্ধ উপস্থিত হৈ মৃতকক শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত কলিতাই পত্নী-কন্যা সহ আত্মীয়-স্বজন আৰু অগণন গুণমুগ্ধক এৰি গৈছে। বাসগৃহৰ পৰা কলিতাৰ মৃতদেহ পোনে পোনে নতুন সাহিত্য পৰিষদৰ জুৰোডৰ কাৰ্যালয়লৈ অনা হয় আৰু তাৰ পিছত চি পি আই এম ৰাজ্যিক কাৰ্যালয় হেদায়েৎপুৰ আৰু পিছত পানবজাৰৰ এছবিআই ষ্টাফ এচোছিয়েছনৰ কাৰ্যালয়ত শ্ৰদ্ধা নিবেদন কৰাৰ পাছত প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত নৱগ্ৰহ স্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷ উল্লেখ্য যে ১৯৪৭ চনৰ ৩০ জুলাইত নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ কমাৰকুছিত জন্মগ্ৰহণ কৰা অনন্ত কলিতাই শিক্ষা
সমাপ্তিৰ পাছত প্ৰথমতে ডাক-তাঁৰ বিভাগত চাকৰিত যোগদান কৰি মাৰ্ক্সবাদী আদৰ্শৰ প্ৰতি আকৃষ্ট হয় আৰু ১৯৬৮ চনত চিপিআই(এম) দলত যোগদান কৰে। পৰৱৰ্তী সময়ত কলিতাই ডাক-তাঁৰ বিভাগৰ চাকৰি ইস্তফা দি ১৯৭২ চনৰ এপ্ৰিলত ভাৰতীয় ষ্টেট বেংকৰ চাকৰিত যোগদান কৰে। শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰৰ বাবে অতি সচেতন কলিতাই বেংকৰ চাকৰিত যোগদান কৰাৰ পাছতে ষ্টেট বেংক অৱ ইণ্ডিয়া ষ্টাফ এচোছিয়েছনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ অতি কম দিনৰ ভিতৰতে সংগঠনটোৰ অবিসম্বাদী নেতা হৈ পৰে। ১৯৮৬- ১৯৮৯ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ১৯৮৯ চনৰ পৰা ২০০৮ চনত
চাকৰিৰ পৰা অৱসৰ লোৱা দিনলৈ তেখেতে দীৰ্ঘদিন সংগঠনটোৰ সাধাৰণ সম্পাদক হিচাপে অতি দক্ষতাৰে বেংক কৰ্মচাৰী সকলক নেতৃত্ব প্ৰদান কৰিছিল। ২০০১ চনৰ পৰা ২০০৮ চনলৈ ভাৰতীয় ষ্টেট বেংকৰ ‘বোৰ্ড অৱ ডিৰেক্টৰছ’ৰ তেখেত আছিল অন্যতম সঞ্চালক আৰু ষ্টেট বেংক কৰ্মচাৰী সকলৰো আছিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা।
প্ৰথিতযশা অৰ্থনীতিবিদ, সুখ্যাত নিবন্ধকাৰ অনন্ত কলিতাৰ বিয়োগত দল-সংগঠনৰ শোকঃ ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ প্ৰাক্তন সঞ্চালক, প্ৰথিতযশা অৰ্থনীতিবিদ, অসমৰ সৰহ সংখ্যক দৈনিক বাতৰি কাকতৰ নিয়মীয়া নিবন্ধকাৰ, সুখ্যাত লেখক অনন্ত কলিতাৰ বিয়োগত ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰে। মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লগতে বিভিন্নজনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইফালে এক শোক বাৰ্তাত বহুভাষিক
সাহিত্য মঞ্চ, অসম চমুকৈ”বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- সাম্প্ৰতিক সময়ৰ এজন উল্লেখনীয় যুক্তিবাদী লেখক, অসমৰ সৰহ সংখ্যক দৈনিক সংবাদপত্ৰৰ নিয়মীয়া নিবন্ধকাৰ অনন্ত কলিতাৰ আকস্মিক বিয়োগে আমাক অতিকে মৰ্মাহত কৰি তুলিছে৷ আৰ্থ-সামাজিক বিষয়সমূহক অতি সাৱলীল ধৰণেৰে বিশ্লেষণ কৰি যুক্তিনিষ্ঠভাৱে দাঙি ধৰা এজন শক্তিশালী লেখক আছিল অনন্ত কলিতা৷ কেইবাখনো উল্লেখনীয় গ্ৰন্থৰ প্ৰণেতা আছিল৷’ তেওঁৰ বিয়োগত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন
অধ্যয়ন সমিতি, অসমৰ সভাপতি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ প্ৰাক্তন সচিব প্ৰধান কমল কলিতা, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, আহ্বায়ক অৱনী ৰঞ্জন পাঠক, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষী সিনহা, বিশিষ্ট গীতিকাৰ-লেখক শচীন দাস, চি পি আই (এম)-এলৰ গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক পংকজ কুমাৰ দাস, বিষ্ণু ৰাভা স্মৃতি ৰক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক যুগল নাথ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ
কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, অসম শিশু সাহিত্য সমাজ, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি দল-সংগঠনে শোক প্ৰকাশৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷