মহিলা মৰ্চাৰ সভানেত্ৰী আঙ্গুৰলতা ডেকাৰ সংবাদমেলঃ ৯ আৰু ১০ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক
গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্ৰী আঙ্গুৰলতা ডেকাই আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰে। সভানেত্রী আঙ্গুৰলতা ডেকাৰ নেতৃত্বত অসম প্ৰদেশ মহিলা মৰ্চাই দুটা বছৰ সম্পূৰ্ণ কৰা উপলক্ষত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে প্ৰমুখ্য কৰি মহিলা মৰ্চাৰ সকলো বিষয়ববীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য, আমন্ত্রিত সদস্য, বিশেষভাৱে আমন্ত্রিত সদস্য, জিলা সভানেত্রীকে আদি কৰি মহিলা মৰ্চাৰ সকলো কার্যকর্তাকে তেখেতে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। সংবাদ মেলত সভানেত্ৰী গৰাকীয়ে
বিগত দুটা বছৰত মহিলা মৰ্চাই সফলভাৱে ৰূপায়ণ কৰা কামকাজৰ কথা উল্লেখ কৰি কয় মহিলা মৰ্চাই তেজপুৰ, বঙাইগাঁও আৰু গোলাঘাটত তিনিখনকৈ কার্যনির্বাহক সভা অনুষ্ঠিত কৰাৰ উপৰিও মহিলা সকলক শাৰীৰিক, মানসিক আৰু অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় হ’ব পৰাকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। অসম প্ৰদেশ মহিলা মৰ্চাই অসম কাবাদী সন্থাৰ সহযোগত সোণাপুৰৰ ডিমৰীয়াত মহিলা সকলৰ মাজত কাবাদী প্রতিযোগিতা আয়োজন কৰা কথাও সভানেত্ৰী গৰাকীয়ে উল্লেখ কৰে, য’ত ৩৭ খন সাংগঠনিক জিলাৰ প্ৰায় ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও লতাশিল খেলপথাৰত অসম প্ৰদেশ মহিলা মৰ্চাৰ
উদ্যোগত আৰু অসম চৰকাৰৰ হস্তাতাত আৰু বস্তুশিল্পৰ সঞ্চালকালয়ৰ তত্বাৱধানত নৱপ্ৰজন্মক বয়ন শিল্পৰ লগত একাত্ম কৰাৰ উদ্দেশ্য বয়ন প্রশিক্ষণ কর্মশালা আয়োজন কৰিছিল। যত প্রায় ১৫ খন মহাবিদ্যালয়ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল, এই প্ৰশিক্ষণত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মহিলা মৰ্চাৰ এই পদক্ষেপক প্ৰশংসা কৰিছিল। ইয়াৰ উপৰিও ৰাজ্যিক মহিলা মৰ্চাই ভাৰতৰত্ন প্রয়াত অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত সমাজলৈ বিশেষ অবদান আগবঢ়োৱা কেইবাগৰাকীও মহিলাক অটল এৱাৰ্ড প্ৰদান কৰি সন্মানিত কৰিছিল। লগতে জ্ঞানপীঠ বঁটা বিজয়ী ড° মামনি ৰয়ছম গোস্বামী
সোঁৱৰণত বক্তৃতা প্রতিযোগিতা আৰু প্ৰয়াত সুষমা স্বৰাজৰ সোঁৱৰণত সমাজৰ বিশিষ্ট মহিলাক সুষমা স্বৰাজ বঁটা প্ৰদান কৰাৰ কথাও তেওঁ সংবাদ মেলত উল্লেখ কৰে। তেওঁ লগতে বিগত দুটা বছৰত মহিলা মৰ্চাৰ বিভিন্ন কামকাজত দিহা পৰামৰ্শ দি সহায় সহযোগিতা আগবঢ়োৱা বিজেপিৰ সকলো কাৰ্যকৰ্তাকৰ লগতে সংবাদ মাধ্যমকো বিশেষভাবে ধন্যবাদ জনোৱাৰ লগতে অনাগত দিনসমূহতো এনে সহযোগিতা কামনা কৰে।সংবাদমেলত মহিলা মৰ্চাৰ আগন্তুক কৰ্মৰাজিৰ সম্পৰ্কত মন্তব্য প্রদান কৰি সভানেত্ৰী গৰাকীয়ে কয়, অহা ৯ আৰু ১০ ছেপ্তেম্বৰত মহিলা মৰ্চাৰ ৰাষ্টীয় সভানেত্রী বনাথী শ্রীনিবাসৰ নেতৃত্বত গুৱাহাটীস্থিত অটল বিহাৰী বাজপেয়ী
ভৱনত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ’ব। তেওঁ কয় যে অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ বাবে ইতিমধ্যে মৰ্চাৰ লগতে দলৰ কার্যকৰ্তা সকলে প্ৰস্তুতি আৰম্ভ কৰিছে। উক্ত কার্যনির্বাহকখন সফলভাৱে আয়োজনৰ বাবে মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে দলৰ সকলো কার্যকৰ্তাৰ লগতে সংবাদ মাধ্যমৰ সহায়-সহযোগিতা কামনা কৰে।