বকোৰ ভেহুৱাত একেদিনাই দুটাকৈ আঁচনিৰ শুভ উদ্বোধন কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীৰ
বকোঃ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ বকোৰ ২৩ নং খলিহাকোঠ সমষ্টিৰ ভেহুৱাত দুটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বিত্তীয় পুঁজিৰে দহ লক্ষাধিক টকা ব্যয় সাপেক্ষে ভেহুৱাত নিৰ্মাণ কৰা হৈছে দুটাকৈ আঁচনি। পাঁচ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মিত ভেহুৱা ফুটবল খেল পথাৰ আৰু পাচঁ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গঢ়কাপ্টানী পথৰ পৰা শ্মশানলৈ প্ৰায় এক কিলোমিটাৰ কেচা পথৰ শুভ উদ্বোধন কৰে কাৰ্য্যবাহী
পাৰিষদ গৰাকীয়ে। উল্লেখযোগ্য যে, খেলুৱৈ সকলৰ উপযোগীকৈ নিৰ্মাণ কৰা ফুটবল খেল পথাৰত সীমিত সংখ্যক খেলুৱৈৰ উপস্থিতিত ভেহুৱা ফ্ৰেইণ্ডছ ক্লাবৰ উদ্যোগত এখন প্ৰাইজমানি ফুটবল খেলৰ আয়োজন কৰা হৈছে। শুভ উদ্বোধনী অনুস্থানত উপস্থিত থাকে ভেহুৱাৰ গাঁও প্ৰধান অতুল বড়ো সহ বহু জেষ্ঠ্য সমাজ সংগঠক আৰু বিশিষ্ট ব্যক্তি। নগৰমল স্বৰ্গীয়াৰীৰ এই সাহাৰ্য্যৰ বাবে অঞ্চলবাসীয়ে শলাগ লয়।