ashomiyapatrika.com

বকোৰ ৰামজখলা সীতা পাতালপুৰী মন্দিৰৰ প্ৰতি ভাবুকি কঢ়িয়াইছে ধৰ্মীয় মেৰুকৰনে

0 64

মন্দিৰ পৰিচালনা সমিতি আৰু ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

বকোঃ ইতিহাস প্ৰসিদ্ধ তীৰ্থস্থান কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰী শ্ৰী ৰামজাখালা সীতা পাতালপুৰী মন্দিৰৰ ভূমিৰ ওপৰত দুষ্ট চক্ৰৰ সেনচকু পৰা আৰু সনাতন ধৰ্মক কুলষিত কৰা এক ঘটনা পোহৰলৈ আহিছে। বকো চহৰৰ নিচেই কাষতে থকা ৰামজাখালা পাহাৰত ৰাম মন্দিৰ আৰু সীতা পাতালপুৰী নামৰ অতিজৰে পৰা অঞ্চলটোৰ উপাসনাৰ তীৰ্থভূমি আছিল। এক মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ আছিল পবিত্ৰ তীৰ্থস্থান খন। উল্লেখ্য যে সনাতন ধৰ্মৰ সকলো দেৱ দেৱীৰ পূজা-অৰ্চনা তিথি পৰ্ব যথা ৰীতি নীতিৰে পৰিচালিত হৈ আছিল। ইফালে মহাশিৱৰাত্ৰী পূজাত সহশ্ৰাধিক লোকে পূজা পাৰ্বন কৰাৰ উপৰিও সৰস্বতী

পূজাৰ দিনা ছাত্ৰ ছাত্ৰী আৰু ডেকা যুৱতীয়ে দেৱ দেৱীৰ পূজা-অৰ্চনা কৰি আৰ্শীবাদ গ্ৰহণ কৰিছিল। কিন্তু কালক্ৰমত সেই অঞ্চলৰ কেৱাজনো দূৰ্বৃত্তৰ উপদ্ৰৱত পবিত্ৰ তীৰ্থ ভূমি এতিয়া নি:শেষ হোৱাৰ পথত বুলি ক্ষোভ উজাৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মিলন ৰাভাকে ধৰি হিন্দু সভ্যতা মানি চলা ৰাইজে। একাংশ অসামাজিক ব্যক্তিয়ে মন্দিৰৰ পুজাৰীক আক্ৰমণ কৰি খেদি পঠিয়ায় বুলি সচেতন ধৰ্মপ্ৰাণ ৰাইজে অভিযোগ উত্থাপন কৰে। ইয়াৰ ভিতৰত ধীৰেণ কলিতা, অমৃত ৰাভা আৰু নমিতা ৰাভাক প্ৰধান জগৰীয়া বুলি দাবী কৰি ইতিমধ্যে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে

মন্দিৰ পৰিচালনা সমিতিয়ে। সেয়েহে বকোৰ ধৰ্মপ্ৰাণ ৰাইজে চৰকাৰৰ প্ৰশাসনক আহ্বান জনাইছে যে পবিত্ৰ মন্দিৰৰ ভূমি দখল কৰা চক্ৰটোক উৎখাত কৰি ৰামজাখালা সীতা পাতালপুৰী মন্দিৰৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। অন্যথা সনাতন হিন্দু ধৰ্মৰ ওপৰত কুঠাৰাঘাট পৰাৰ বাবে বেছি দিন নালাগিব।

Leave A Reply

Your email address will not be published.