ashomiyapatrika.com

মিজোৰামত ৰেল দলঙৰ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ মৃতদেহ দুদিনৰ পাছত উদ্ধাৰ কৰিলে এন ডি আৰ এফৰ দলে

0 33

গুৱাহাটীঃ দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা মিজোৰামৰ আইজলক পোনপটীয়াকৈ ৰেলেৰে সংযোগ কৰা আঁচনিৰ অংশহিচাপে নিৰ্মাণ কাৰ্য চলি থকা ৰেলপথৰ এখন দলঙৰ এটা অংশ ২৩ আগষ্টত হঠাতে ভাঙি পৰিছিল। দুৰ্ঘটনাত দলঙৰ নিৰ্মাণ কাৰ্যৰ লগত জড়িত ২৬ জন শ্ৰমিকৰ ২২ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ৩ জন গুৰুতৰ ভাবে আহত হৈছিল। তাৰ বিপৰীতে এজন শ্ৰমিক সিদিনাৰ পৰা সন্ধানহীন হৈ আছিল। অবশেষত আজি দুদিনৰ অন্তত বিয়লি সন্ধানহীন শ্ৰমিকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে উদ্ধাৰ কাৰ্যত নিয়োজিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ এটা দলে। গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম এন

ডি আৰ এফৰ সূত্ৰই সদৰি কৰা অনুসৰি ২৩ আগষ্টত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত আইজলত পঞ্চম ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ান চৌহদত বাহৰ পাতি থকা প্ৰথম এন ডি আৰ এফৰ পৰিদৰ্শক অজয় কুমাৰ যাদৱৰ নেতৃত্বত এটা দলে নিৰ্মাণৰত ৰেল দলঙৰ দুৰ্ঘটনাত প্ৰায় ১০০ মিটাৰ তললৈ সৰি পৰা শ্ৰমিক সকলক জীৱন্ত বা মৃত অৱস্থাত উদ্ধাৰৰ বাবে অভিযান চলাইছিল। সিদিনাই ২২ জনক মৃত অৱস্থাত আৰু ৩ জনক গুৰুতৰ ভাবে আহত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে এজন শ্ৰমিক সন্ধানহীন হৈ আছিল। অবশেষত দূৰ্ঘটনাৰ তৃতীয়দিনা শুকুৰবাৰে বিয়লি প্ৰায় ডেৰ বজাত ৪৮ ঘণ্টাৰ অন্তত পাহাৰৰ তলৰ অতি দুৰ্গম স্থানৰ পৰা এন ডি আৰ এফৰ

দলটোৱে নিৰুদিষ্ট শ্ৰমিক জনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে মৃতদেহটো তাৰ স্থানীয় আৰক্ষীক চমজাই দিয়া হয়। উল্লেখযোগ্য যে আজাৰা পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফ বেটেলিয়ানক অসমৰ উপৰিও মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত যিকোনো দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োগ কৰাৰ বাবে ভাৰত চৰকাৰে ২০০৬ – ০৭ চনতে দায়িত্ব অৰ্পণ কৰিছে।

Leave A Reply

Your email address will not be published.