নুমলীগড় শোধনাগাৰে বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশসমূহৰ বাবে যোগীঘোপাস্থিত অত্যাধুনিক জেটীৰ জৰিয়তে প্ৰতিমাহে ১০,০০০ মেট্ৰিক টন সামগ্ৰী ৰপ্তানি কৰিবঃ সৰ্বানন্দ সোণোৱাল
পেট্ৰ’লিয়াম সামগ্ৰী ৰপ্তানিৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
গুৱাহাটীঃ সুচল জলপথৰ জৰিয়তে বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ পেট্ৰ’লিয়াম সামগ্ৰী ৰপ্তানিৰ দিশত এক নতুন দিগন্তৰ সূচনা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে। আজি গুৱাহাটীত নুমলীগড় শোধনাগাৰ পৰিসীমিত আৰু ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰনৰ মাজত গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ ফলশ্ৰুতিত যোগীঘোপাস্থিত IWAI-ৰ অত্যাধুনিক জেটীৰ ব্যৱহাৰেৰে ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু ভাৰত-বাংলাদেশ প্ৰট’কল জলপথ হৈ নুমলীগড় শোধনাগাৰে প্ৰতিমাহে ১০,০০০ মেট্ৰিক টন পেট্ৰ’লিয়াম তথা পেট্ৰ’লিয়ামজাত সামগ্ৰী বাংলাদেশ আৰু দক্ষিণ-পূব
এছিয়াৰ দেশসমূহলৈ পৰিবহণ কৰিব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক শক্তিক এক নতুন গতি দিবলগীয়া এই অভিনৱ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু বিমল বড়া, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, নুমলীগড় শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়াবৰ্গ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, নিকটতম ৰেল ষ্টেচনৰ সৈতে সংযোগীকৰণেৰে যোগীঘোপাত ৪০ একৰ ভূমি বিকশিত কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত
ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈ থকা এক্ট ইষ্ট নীতি আৰু প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে হাইড্ৰ’কাৰ্বন ভিজন ২০৩০ক এই গুৰুত্বপূৰ্ণ চুক্তিয়ে ত্বৰান্বিত কৰিব বুলি সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে। ৰে’ল সংযোগৰ জৰিয়তে নুমলীগড় শোধনাগাৰে যোগীঘোপা লজিষ্টিক পাৰ্কত পিঅ’এল টাৰ্মিনেল স্থাপন কৰিব। ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ভাৰত- বাংলাদেশ প্ৰট’কল ৰুটৰ জৰিয়তে পেট্ৰ’লিয়াম সামগ্ৰী ৰপ্তানিৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
হোৱাৰ ফলত উত্তৰ-পূব ভাৰতৰ বাণিজ্যিক তথা অৰ্থনৈতিক শক্তি বৃদ্ধি হ’ব। এয়া এক ঐতিহাসিক মুহূৰ্ত। প্ৰধানমন্ত্ৰী গতি শক্তিৰ দ্বাৰা এক্ট ইষ্ট নীতিৰ ত্বৰান্বিতকৰণ আৰু উত্তৰ-পূবৰ বাবে হাইড্ৰ’কাৰ্বন ভিজন ২০৩০ৰ বিশাল সম্ভাৱনা উন্মুক্তকৰণৰ এয়া এক প্ৰকৃত প্ৰতিফলন। তদুপৰি সোণোৱালে কয়, “এই বুজাবুজি চুক্তিৰ উদ্দেশ্য হৈছে দেশৰ উত্তৰ-পূব অঞ্চলটোৰ বাবে কাৰ্গ’ চলাচলত অভূতপূৰ্ব পৰিৱৰ্তন অনা আৰু প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনক ত্বৰান্বিত কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত এক্ট ইষ্ট নীতিয়ে উত্তৰ-পূব ভাৰতক হাইড্ৰ’কাৰ্বন দৃষ্টিভংগী ২০৩০ৰ সম্পূৰ্ণ সম্ভাৱনা উন্মুক্ত কৰাৰ দিশত শক্তিশালী কৰি তুলিব।
মোদীয়ে খুব গভীৰভাৱে উপলব্ধি কৰিছে যে উত্তৰ-পূব অঞ্চল ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হোৱাৰ সম্ভাৱনা আছে। সেয়েহে তেখেতে জলপথৰ জৰিয়তে উত্তৰ-পূবৰ আৰ্থ-সামাজিক ৰূপান্তৰ সাধনত যথেষ্ট গুৰুত্ব দিছে। প্ৰধানমন্ত্ৰীৰ এই দৃষ্টিভংগীৰ উপলব্ধিৰ দিশত উত্তৰ-পূৰ্বাঞ্চলক শক্তি প্ৰদান কৰাৰ বাবে আমাৰ মন্ত্ৰালয়ে নদীকেন্দ্ৰিক সমৃদ্ধ আন্তঃনেটৱৰ্ক মজবুত কৰাৰ লগতে হাইড্ৰ’কাৰ্বনৰ সমৃদ্ধ সম্ভাৱনা অন্বেষণ কৰাত বিশেষ অগ্ৰাধিকাৰ দিছে। পূৰ্বৰ চৰকাৰৰ দিনত সদিচ্ছাৰ অভাৱত এই কামবোৰ হৈ ৰৈছিল অৱহেলিত, কিন্তু মোদী চৰকাৰৰ দিনত হৈ উঠিছে পূৰ্ণোদ্যমে বাস্তৱায়িত। সৰ্বানন্দ সোণোৱালে কয়, “নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ
প্ৰকল্প ২৮,০২৬ কোটি টকাৰ ব্যয়সাপেক্ষে কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া তৎপৰতাৰে চলি আছে। প্ৰকল্পটোৰ অংশ হিচাপে নুমলীগড় শোধনাগাৰে ১৬টাতকৈ অধিক বৃহৎ আকৃতিৰ/বৃহৎ ওজনৰ যন্ত্ৰ-পাতি (ও.ডি.চি./ও.ডব্লিউ.চি.) পৰিবহণ কৰিব। ইতিমধ্যে পশ্চিম ভাৰতৰ মুখ্য ঔদ্যোগিক কেন্দ্ৰসমূহৰ পৰা হালদিয়া বন্দৰ হৈ আৰু ভাৰত- বাংলাদেশ প্ৰট’কল ৰুট তথা ব্ৰহ্মপুত্ৰৰ জৰিয়তে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ স্থানলৈ পাঁচটা বৃহৎ আকৃতিৰ যন্ত্ৰ-পাতিৰ পেকেজ সফলতাৰে কঢ়িয়াই অনা হৈছে। শোধনাগাৰটোৰ বাবে এতিয়ালৈকে পৰিবহণ কৰা কাৰ্গ’ৰ ওজন প্ৰায় ৪,৫০০ মেট্ৰিক টন। যদিহে ইয়াক স্থলপথৰ জৰিয়তে পৰিবহণ কৰা হ’লহেঁতেন, তেন্তে প্ৰায়
৩০০ বৃহৎ ট্ৰাকৰ প্ৰয়োজন হ’লহেঁতেন।” আভ্যন্তৰীণ জলপথৰ ভূমিকাৰ সন্দৰ্ভত অধিক আলোকপাত কৰি সৰ্বানন্দ সোণোৱালে কয়, “মই জনাবলৈ পাই আনন্দিত যে ২০১৩-১৪ বৰ্ষত ৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে পৰিচালনা কৰা কাৰ্গ’ মাত্ৰ ৬.৮৯ মিলিয়ন মেট্ৰিক টন আছিল, আনহাতে ২০২২-২৩ বৰ্ষত পৰিচালনা কৰা কাৰ্গ’ ১২৬.১৫ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। ক্ৰুজ পৰ্যটনৰ বাবে ৰাষ্ট্ৰীয় জলপথ ২০১৩-১৪ বৰ্ষত মাত্ৰ ৩ৰ পৰা ২০২২-২৩ বৰ্ষত ১০লৈ বৃদ্ধি পাইছে, যি হৈছে ২৩৩%তকৈও অধিক বৃদ্ধি। ২০২২-২৩ বৰ্ষত জলপথত বিনিয়োগ ৫৪৪.৩১ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে যোৱা ন বছৰত ১৯৮% বিনিয়োগ বৃদ্ধিৰ অভিলেখ গঢ়িছে। উত্তৰ-পূবৰ ৰাষ্ট্ৰীয়
জলপথসমূহৰ উন্নয়নৰ বাবে ৮০০ কোটিতকৈও অধিক টকাৰ বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে। পাণ্ডু আৰু ধুবুৰীত স্থায়ী টাৰ্মিনেল বিকশিত কৰা হৈছে। যোৱা দুবছৰত ধুবুৰী টাৰ্মিনেল ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে আৰু ধুবুৰীৰ পৰা বাংলাদেশলৈ ৩৮৫ খন মালবাহী জাহাজৰ চলাচল হৈছে।” ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে বৰ্তমান পাণ্ডু বন্দৰৰ বিকল্প পথ, পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধা, যোগীঘোপাত অত্যাধুনিক বহুমুখী টাৰ্মিনেল নিৰ্মাণ, বগীবিলত টাৰ্মিনেল নিৰ্মাণ, বগীবিল আৰু গুইজানত ২টা ফ্লোটিং জেটীৰ নিৰ্মাণ, যোগীঘোপা, পাণ্ডু, বিশ্বনাথ ঘাট, শদিয়া, হাটশিংমাৰী, ঐৰামঘাট আৰু নিমাতীত ফ্লোটিং জেটীৰ নিৰ্মাণ, প্ৰট’কল
জলপথ-১০ৰ সোণামূৰাত আইডব্লিউটি টাৰ্মিনেল নিৰ্মাণ আৰু বদৰপুৰ তথা কৰিমগঞ্জত টাৰ্মিনেলৰ নৱীকৰণ আদি বিভিন্ন অভিলাষী প্ৰকল্প ৰূপায়ণ কৰি আছে। উত্তৰ-পূবৰ বাবে সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ ইতিমধ্যে কাৰ্যকৰী হৈ আছে য’ত সামুদ্ৰিক উদ্যোগৰ বাবে যুৱপ্ৰজন্মক পাৰদৰ্শী কৰি তুলিবলৈ নিয়মীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে, জলপথৰ জৰিয়তে বৃহৎ আকৃতিৰ আৰু বৃহৎ ওজনৰ যন্ত্ৰ কঢ়িয়াই অনাৰ বাবে ২০২১ চনৰ ২৬ আগষ্টতো নুমলীগড় শোধনাগাৰ আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ মাজত আন এক ফলপ্ৰসূ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল।