ashomiyapatrika.com

ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ কুমাৰ নাথক বিদায় সম্বৰ্ধনা

0 47

ধিংঃ নগাওঁ জিলাৰ ধিং কে, বি, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ কুমাৰ নাথে কৰ্ম জীৱনৰ পৰা অৱসৰ লোৱা উপলক্ষে আজি উল্লিখিত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনট বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয় খনৰ অধ্যক্ষ আবুল কালামৰ সভাপতিত্বত অনুষ্ঠিত সভাত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা দিলীপ কুমাৰ নাথক ফুলাম গামোছা, ধৰ্মগ্ৰন্থ, বেগ, সম্বৰ্ধনা পত্ৰ, ছাতি আৰু শৰাইয়ে সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ উপাধ্যক্ষ তিলেশ্বৰ শইকীয়াই আঁত ধৰা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণত

বিদায়ী শিক্ষক নাথে আগবঢ়োৱা অমূল্য অৱদানৰ বাবে সভাত কেইবাগৰাকী বক্তাই কৃতজ্ঞতা জনাই। উল্লেখযোগ্য যে ১৯৮৫ চনৰ ৫ মাৰ্চত ধিং কে, বি, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মজীৱন পাতনি মেলা শিক্ষক দিলীপ কুমাৰ নাথে সুদীৰ্ঘ ৩৮ বছৰে কাৰ্যনিৰ্বাহ কৰি যোৱা ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰে। শিক্ষক হিচাপে এজন ন্যায় পৰায়ণ, সৎ, নিষ্ঠাবান আৰু কৰ্তব্যনিষ্ঠাক আগস্থান দিয়া লোকৰ লগে লগে এগৰাকী কবি, লেখক, প্ৰবন্ধকাৰ হিচাপেও পৰিচিত ব্যক্তি আছিল। ছাত্ৰ, সহকৰ্মী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি বিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা শিক্ষক জনক ৰাইজে একেমুখে

শলাগ লোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি বক্তব্য প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কুশ মহন্ত, অমল বৰা, আৰু শিক্ষয়িত্ৰী গীতু মনি বৰাৰ লগতে ছাত্ৰী কাব্যশ্ৰী মেধিয়ে। লগতে অনাগত দিনবোৰতো বিভিন্ন সামাজিক কাম-কাজৰ সৈতে নিজকে জড়িত ৰাখিবলৈ বিদায়ী শিক্ষক জনৰ প্ৰতি আহ্বান জনালে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰা গুৰু বন্দনাৰে শুভাৰম্ভ হোৱা উক্ত অনুষ্ঠানটি শিক্ষক দিলীপ কুমাৰ নাথৰ ৰচিত এটি কবিতা আবৃত্তি কৰে শৰ্মিষ্ঠা শইকীয়াই। অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তপন শইকীয়া, উপসভাপতি বলোৰাম মহেলা, বিদায়ী শিক্ষক দিলীপ কুমাৰ নাথৰ সহধৰ্মিনী প্ৰনতী

দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষক ভৈৰৱ কলিতা, বিনোদ বৰুৱা, বিনোমা বৰা, আব্দুল কুদ্দুচ, আব্দুল হাছান, যাদৱ বৰুৱা, কমল শইকীয়া, লুটফুৰ ৰহমানৰ, খগেন বৰাকে আদি কৰি কেইবাগৰাকী প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰী বৃন্দ, ছাত্ৰ ছাত্ৰী আৰু অতিথি সহ প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.