নতুন পেঞ্চন আঁচনি বাতিল কৰাৰ দাবীত ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটৰ আজিও কৰ্মবিৰতি আৰু প্ৰতিবাদী কাৰ্য্যসূচী
ধিংঃ অসম কলেজ শিক্ষক সন্থাৰ আহ্বান অনুসৰি নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটে আজিও কৰ্মবিৰতি আৰু প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছে। এই প্ৰতিবাদী কাৰ্য্যসূচীত নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰনি পেঞ্চন আঁচনিক বাহাল ৰখা, শিক্ষক সকলৰ বকেয়া ধন আদায়, সহযোগী অধ্যাপকক তালিকা প্ৰকাশ কৰা, পিএইচডি অনুসৰি বাৰ্ষিক ভাট্টা বৃদ্ধি, জেষ্ঠতাৰ ভিত্তিত পদোন্নতি মুকলি আদি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত ধিং মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি আব্দুল কাদিৰে ভাষন প্ৰদান কৰি ‘ইতিমধ্যে দেশৰ ৰাজস্থান, চত্তিশগড়কে আদি কেইবাখনো ৰাজ্যই নতুন পেঞ্চন আঁচনি বাতিল
কৰি পুৰনি পেঞ্চন আঁচনিক বাহাল ৰখাৰ ব্যৱস্থা আৰম্ভ কৰিছে, তাৰোপৰি মধ্যপ্ৰদেশ চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ চৰকাৰে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰি আমাক ন্যায় প্ৰদান কৰক।’ বুলি মন্তব্য কৰে। লগতে শিক্ষক গোটৰ সম্পাদক ড° লক্ষীনন্দন বৰদলৈয়ে ‘অসমৰ কলেজ শিক্ষক-কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা সমূহৰ কথা অনুধাৱন কৰি বাস্তৱ আৰু ফলপ্ৰসু কাৰ্যপন্থা গ্ৰহণ কৰাবলৈ’ আহ্বান জনোৱা লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাই, তেখেতৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যই গতিশীলতা লাভ কৰিবলৈ সক্ষম হোৱাৰ দৰে কলেজ শিক্ষক সকলৰ উপৰোক্ত সমস্যা সমূহৰ সমাধান কৰি তেওঁলোকৰ লগতে পৰিয়াল সমূহৰ ভবিষ্যত সুৰক্ষা কৰিবলৈ আহ্বান জনাই।