ashomiyapatrika.com

ধিং মহাবিদ্যালয়ত এন পি এচ আচঁনি বাতিলৰ দাবীত কৰ্ম বিৰতি

0 31

ধিংঃ অসম শিক্ষক সন্হাৰ আহবান ক্ৰমে আজি ধিং মহাবিদ্যালয়ৰ শিক্ষক গোটেও মহাবিদ্যালয়ৰ প্ৰাংগণত আজি আৰু অহা কালিলৈ দুদিনীয়া কাৰ্যসূচীৰে এন, পি, এচ, আচঁনি বাতিলৰ দাবীত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।প্ৰতিবাদী সভাত নতুন পেঞ্চন আচঁনি বাতিল কৰি পুৰণি পেঞ্চন আচঁনি প্ৰৱতন কৰিবলৈ সকলোৱে মত প্ৰকাশ কৰে৷ সভাত শিক্ষক সকলে নতুন পেঞ্চন আচঁনি বাতিল কৰক, ৰাষ্ট্ৰীয় পোঞ্চন ব্যৱস্হা বাতিল কৰক, পুৰণি পেঞ্চন ব্যৱস্হা বাহাল কৰক আদি শ্লো’গান লগতে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন সমস্যা দাবী যেনে দীৰ্ঘদিন ধৰি প্ৰকাশ নোহোৱা সহযোগী অধ্যাপকৰ তালিকা প্ৰকাশ কৰক Senior স্কেল আৰু Selection ৰ পদোন্নতি তালিকা

প্ৰকাশ কৰক, পি এইচ, ডি বাৰ্ষিক বৃদ্ধি ব্যৱস্হা কৰক আদি বিভিন্ন দাবীৰ প্ৰতিবাদ কাৰ্যসূচী পালন কৰে।সভাৰ আৰম্ভণিতে এন, পি ,এচ আচঁনিৰ বিভিন্ন আসোঁৱাহ বোৰ আঙুলিয়াই দিয়ে অধ্যাপক অজিত শৰ্মাই। উক্ত প্ৰতিবাদী সভাত ধিং মহাবিদ্যালয়ৰ অধ্যাপক ড° পংকজ শইকীয়াই বতমান অসমৰ মুখ্যমন্ত্রী গৰাকী এগৰাকী দক্ষ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে আৰু তেখেতৰ কাৰ্যকালতে অসমৰ শিক্ষক তথা কমচাৰী সকলক পুৰণি পেঞ্চন আচঁনিলৈ নিবৰ বাবে আহ্বান জনায়৷

Leave A Reply

Your email address will not be published.