ashomiyapatrika.com

৫ শতাধিক দলীয় কার্যকৰ্তাৰ উপস্থিতিত বিজেপিৰ ‘ভোটাৰ চেতনা অভিযান’

0 34

গুৱাহাটীঃ বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ‘ভোটাৰ চেতনা অভিযান’ শীর্ষক প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। প্রায় ৫ শতাধিক দলীয় কার্যকতাই অংশগ্রহণ কৰা উক্ত কাৰ্যক্ৰমত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্যা প্রসাদ তাচা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, সাংসদ উপস্থিত থাকে। অনুষ্ঠানত দলীয় কার্যকৰ্তাসকলক নতুন ভোটাৰ নাম কেনেদৰে অন্তৰ্ভূক্ত

কৰিব, ভোটাৰ সকলে কেনেদৰে নাম শুধৰণি তথা কৰ্তন কৰিব সেই সম্পর্কত বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ সংবাদ মাধ্যমত মতপোষণ কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, ভাৰতীয় জনতা পার্টিয়ে সংশোধিত ভোটাৰ তালিকা অনুসৰি জনসাধাৰণৰ কাষলৈ চৰকাৰ কল্যাণকামী পদক্ষেপসমূহ কঢ়িয়াই নিব। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে সকলোধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷

Leave A Reply

Your email address will not be published.