বকোৰ বনগাঁওৰ কেম্পত ১১ কেজি গাঞ্জা সহ দুজনক আটক
বকোঃ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁওৰ কেম্পত আজি দিনৰ ভাগতে ১১.১৫ কেজি গাঞ্জা সহ উদ্ধাৰ হয় দুজন সৰবৰাহকাৰী। আৰক্ষী সুত্ৰে জানিব পৰা মতে দুটা বেগত কঢ়িয়াই আনিছিল ছয়টাকৈ গাঞ্জাৰ টোপালা। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথৰ নেতৃত্বত সহ আৰক্ষী বিষয়া অপূৰ্ব কলিতাৰ সহযোগত আটক হয় গাঞ্জা সৰবৰাহকাৰী দুজন। খৱৰ মতে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে এ এছ ২৫ ইউ ৩৩৩২ নম্বৰৰ পালচাৰ মটৰ চাইকেলখনত লৈ আহি থকা অৱস্থাত গোপন সুত্ৰৰ পম খেদি আটক কৰে লোক দুজনক। আৰক্ষীয়ে আটক কৰা লোক দুজন যোগেন ৰাভা আৰু সঞ্জয় ৰাভা। দুয়োজনৰ ঘৰ পলাশবাৰীৰ সমষ্টিৰ মুদুকীত বুলি জানিব পৰা গৈছে। বৰ্তমান দুয়োজন বকো আৰক্ষী থানাৰ আলহী। ইফালে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।