বকোত চি এম এলৰ টাটা ট্ৰাষ্টৰ ৰ দ্বাৰা দুই দিনীয়া কাৰিকৰী বিষয়ৰ কৰ্মশালাৰ সফল সামৰণি
বকোঃ ৰাজ্যৰ শিক্ষা বিভাগৰ আধুনিকীকৰণৰ বাবে কাম কৰি আহা টাটা ট্ৰাষ্টৰ অৰ্থ সাহাৰ্য্যত বিভাগৰ চি এম এল ৰ সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ সহযোগত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰয়ুক্তি বিদ্যাৰ জ্ঞান সম্পৰ্কে কৰ্মশালা আয়োজন কৰা হৈছিল। উল্লেখ্য যে বকো, ছমৰীয়া আৰু ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত টি বি এছ আই প্ৰকল্প চলি থকা মুঠ ২০ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৩৫ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে দুয়োদিনৰ কৰ্মশালাত অংশগ্ৰহণ কৰে। ইফালে কাৰিকৰী প্ৰয়ুক্তি বিদ্যাৰ প্ৰয়োগৰ জ্ঞান সম্পৰ্কে পাঠদান কৰিবলৈ আয়োজন কৰা কৰ্মশালা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকো জৱাহৰলাল নেহৰু
মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক নিৰঞ্জন মহন্তই। টাটা ট্ৰাষ্টৰ টি বি এছ আই গ্ৰুপৰ কাৰিকৰী সহায়ক সঞ্জীৱ দাসে জনোৱা মতে দুই দিনীয়া প্ৰশিক্ষণ কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে আদৰ্শ বিদ্যালয় দোকুছিৰ বিষয় শিক্ষক হেৰম্ব লহকৰ। প্ৰয়ুক্তি বিদ্যাৰ শিক্ষাৰ কাৰিকৰী জ্ঞানৰ প্ৰশিক্ষণ কৰ্মশালাত সহযোগ আগবঢ়াই চি এম এল ৰ কাৰিকৰী সহায়ক সজ্ঞীৱ দাসে। ইফালে প্ৰশিক্ষণ কৰ্মশালাত কাৰিকৰী পাঠদানৰ সময়ত শিক্ষক – ছাত্ৰৰ ক্ৰিয়া – কালাপ কি হ’ব লাগে সেই বিষয়ে আলোচনা হোৱাৰ লগতে দলগত ভাৱে পাঠ পৰিকল্পনা প্ৰস্তুত কৰা সম্পৰ্কে আলোকপাত কৰে।
ইয়াৰোপৰি প্ৰথম বাৰৰ বাবে পৃথকে পৃথকে শিক্ষক সকলে জোহো স্বো এপৰ জৰিয়তে নিজৰ মোৱাইলত প্ৰকল্প প্ৰস্তুত কৰাৰ কৌশল আয়ত্ব কৰে। কৰ্মশালাত সঞ্জীৱ দাসৰ লগতে চি এম এলৰ প্ৰকল্প বিষয়া জনক বড়ো, কাৰিকৰী সহায়ক সংগীতা শইকীয়া, হৰ্ষষ্মিতা ওজা আৰু বিশ্বজিৎ ৰাভাই সহায় কৰে। প্ৰশিক্ষণ কৰ্মশালা উদ্ধোধন কৰা হেৰম্ব লহকৰ আৰু অন্যান্য সকলে টাটা ট্ৰাষ্টৰ এই প্ৰচেষ্টাক শলাগ লয় আৰু শিক্ষক সকলেও আদৰণি জনায় বুলি জানিব দিয়ে সঞ্জীৱ দাসে।