২৬২ নং অঙ্গনবাড়ী কেন্দ্ৰ সিধাবাৰীত ১০ বজালৈ নাহে অঙ্গনবাড়ী কৰ্মীঃ তীব্ৰ প্ৰতিক্ৰিয়া
শিশুৰ খাদ্য বিতৰণত অনিয়মঃ উপযুক্ত তদন্তৰ দাবী স্থানীয় ৰাইজৰ
গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ সিধাবাৰীৰ দ্বিতীয় খণ্ডৰ ২৬২ নং অঙ্গনবাড়ী কেন্দ্ৰত অনিয়ম চলাৰ অভিযোগ উত্থাপন হৈছে৷ শিশুৰ খাদ্য বিতৰণৰ নামত কমিটিৰ লগত বুজাবুজিৰে শিশুৰ খাদ্য হৰপ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে৷ স্থানীয় ৰাইজে সংবাদ মাধ্যমক জনোৱা মতে ১০ বজালৈ নাহে অঙ্গনবাড়ী কৰ্মী, ১০ বজাৰ পিছতহে কেন্দ্ৰত আহে অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী। ইপিনে নিয়ম মানি ছাত্ৰ ছাত্ৰীসকল পুৱাতে অঙ্গনবাড়ী কেন্দ্ৰত আহি উপস্থিত হয়৷ অৱশেষত ঘূৰি যাব লগা হয় ঘৰলৈ কাৰণ অঙ্গনবাড়ী কেন্দ্ৰ বন্ধ৷ আনহাতে ৰাইজৰ অভিযোগ অনুসৰি অঙ্গনবাড়ী কেন্দ্ৰত নাই পানীৰ সুবিধা, নাই শৌচাগাৰ
চৰকাৰ ইতিমধ্যে কেন্দ্ৰটিলৈ উপযুক্ত পৰিমাণে পানীৰ টেঙ্কি শৌচাগাৰ আদি পঠিয়াইছিল সেই সুবিধা সমূহ এই ২৬২ নং অঙ্গনবাড়ী কেন্দ্ৰত দেখা পোৱা নাই৷ এতিয়া প্ৰশ্ন হয় চৰকাৰে পঠিওৱা এই সুবিধা সমূহ কলৈ গল? এইক্ষেত্ৰত সচেতন মহলে জিলা উপায়ুক্তৰ লগতে বিভাগীয় মন্ত্ৰীক সঠিক তদন্ত কৰি দোষী ব্যক্তিক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷