ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ খলিহাকোঠ পৰিষদীয় সমষ্টিৰ মনিটৰিং আৰু সমন্বয় সমিতিৰ কৰ্মী সভা সম্পন্ন
বকোঃ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাৰ কামৰূপ জিলাৰ বকো আৰক্ষী অন্তৰ্গত বালাপাৰাত আজি পৰিষদৰ ২৩ নং খলিহাকোঠ সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মনিটৰিং আৰু সমন্বয় সমিতিৰ কৰ্মী সভা খন অনুষ্ঠিত হয়। মনিটৰিং সমিতিৰ সভাত সভাপতিত্ব কৰে সমষ্টিটোৰ মনিটৰিং আৰু সমন্বয় সমিতিৰ স্থায়ী সভাপতি মণিৰাম বড়োই। সভাৰ আত ধৰে সমষ্টিৰ মহিলা কোষৰ সম্পাদিকা মিনতি বড়োই। সভাত উপস্থিত থাকি খলিহাকোঠ সমষ্টিৰ আৰ্থ সামাজিক আৰু সাংগঠনিক দিশৰ ওপৰত ভাষণ প্ৰদান কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ খলিহাকোঠ সমষ্টিৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। পৰিষদীয় সমষ্টিটোৰ
অধিনৰ গাওঁ সমুহৰ বহু সংখ্যক কৰ্মী উপস্থিত থকাৰ লগতে দক্ষিণ কামৰূপ জিলা গোৰ্খা কল্যান পৰিষদৰ সভাপতি দুলাল ৰাণা, অন্যান্য জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ। আনহাতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতা কৰ্মী। সভাত আগন্তুক বৰ্ষৰ বাবে মণিৰাম বড়োক সভাপতি , ঘনোকান্ত ৰাভা, জয়ন্তী ৰাভা, বিনোদ বড়ো , প্ৰদীপ বড়োক উপ-সভাপতি, মহিলা নেত্ৰী মিনতি বড়োক সাধাৰণ সম্পাদিকা, সহকাৰী সম্পাদক ক্ৰমে, দিলিপ বসুমতাৰী, জ্ঞানেন্দ্ৰ ৰাভা, প্ৰবীণ বড়ো, বলোৰাম বড়োক ইফালে কোষাধক্ষ হিচাপে ত্ৰিদীপ ৰাভাক মনোনীত কৰি গঠন কৰে সমিতি খন।