কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ দেহাৱসানঃ ৰাজ্যজুৰি শোকৰ ছাঁ
গুৱাহাটীঃ ৰাজ্যবাসীক কন্দুৱাই হঠাতেই অজান দেশলৈ গুচি গ’ল জাতি আৰু ভাষাটোৰ বাবে অহৰহ মাত মাতি অহা মানুহজন। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাতে নিশা ১২-১০বজাত দেহাৱসান ঘটিল কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ- অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সক্ৰিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ৷ দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট শিক্ষাবিদগৰাকী৷ দত্তৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি শোকৰ ছাঁ পৰে৷ জাতি আৰু ভাষাটোৰ সংকটৰ সময় হলেই তৎক্ষণাত প্ৰতিক্ৰিয়া তথা সমাধানৰ বাবে মাত মতা দেৱেন দত্তই পত্নীৰ বিয়োগৰ পিছত মানসিকভাৱে ভাগি
পৰিছিল৷ বিগত কিছুদিনৰ পৰা চিকিৎসা গ্ৰহণ কৰি থকা দত্তৰ মৃত্যুৰ বাতৰি ওলোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু তেওঁৰ সুন্দৰপুৰৰ বাসগৃহত শেষ শ্ৰদ্ধা জনাবলৈ অসংখ্য লোক উপস্থিত হয়৷ ইফালে ৰাজ্যৰ সকলোৰে পৰিচিত এনে এজন ব্যক্তিৰ মৃত্যুৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল কৰ্তৃপক্ষই সময়মতে তেজ যোগান ধৰিব নোৱাৰা বাবে দত্তৰ মৃত্যু হোৱা বুলি অভিযোগ উঠাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ হস্পিতাল খনৰ অধীক্ষকে ঘটনাৰ তদন্ত কৰাৰ বাবে ইতিমধ্যে ডাঃ অঞ্জন শৰ্মাৰ অধ্যক্ষতাত এখন তিনিজনীয়া সমিতি গঠন কৰি দিছে৷ সমিতিখনৰ তদন্তত যদি হস্পিতালখনৰ ভূলৰ বাবে মৃত্যু হোৱা বুলি
ওলায় তেন্তে চৰকাৰে যে চিকিৎসালয় সমুহত গুৰুত্ব নিদিয়ে সেয়া স্পষ্ট হব৷ ইফালে দিনৰ ভাগত বিভিন্ন দল সংগঠনৰ অসংখ্য লোকৰ উপস্থিতিত নৱগ্ৰহ স্মশানত দত্তৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ দেৱেন দত্তৰ মৃত্যুত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসংখ্য জনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷