চচলত শিলসাঁকোৰ উচ্ছেদিত লোকৰ উত্তাল প্রতিবাদ
মাটি নোপোৱা পৰ্যন্ত পৰণপন যুঁজ দিয়াৰ সংকল্প
গুৱাহাটীঃ শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ উদোগত আজি দিনৰ ১১ বজাৰ পৰা শিলসাঁকোত উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন আৰু উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত চচলৰ নিৰ্ধাৰিত ধর্ণাস্থলীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ ধৰ্ণাস্থলীত প্রায় তিনি শতাধিক উচ্ছেদিত ৰাইজে অংশগ্রহণ কৰে। ধর্ণা কার্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-প্লেকার্ড লৈ ‘আমাক পুনৰ সংস্থাপন লাগিবই’, ‘বহিৰাগত পুঁজিপতিক নহয় থলুৱাক মাটি দিয়ক’, থলুৱাক উচ্ছেদ কৰা হিমন্ত বিশ্ব শৰ্মা হায় হায়’, ‘বদৰউদ্দিন আজমলে মাটি পালে আমিও মাটি পাব লাগিবই’, ‘থলুৱা বিৰোধী চৰকাৰ হায়
হায়’ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। আজিৰ ধৰ্ণা কাৰ্যসূচীত সহযোগিতা আগবঢ়াই কৃষক মুক্তি সংগ্রাম সমিতি আৰু বীৰ লাচিত সেনাই। ধর্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কয় যে শিলসাঁকোৰ উচ্ছেদিত ৰাইজে আজি তিনি মাহ ধৰি ধাৰাবাহিকভাৱে মাটিৰ অধিকাৰ, ক্ষতিপূৰন আৰু পুনঃসংস্থাপন বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছতো তথাকথিত খিলঞ্জীয়া চৰকাৰে থলুৱা পৰিয়ালসমূহক ন্যায্যতা প্রদানৰ বিপৰীতে গণতান্ত্রিক প্রতিবাদক বাধা প্ৰদান কৰি বণিয়াৰ পক্ষত অৱস্থান লৈ
হিমত সিংকাৰ আইডিয়েল হিল ভিউ, টাটাৰ জিঞ্জাৰৰ দৰে বৃহৎ বৃহৎ পুঁজিপতিৰ অট্টালিকাক ৰক্ষণাবেক্ষণ দিয়াত উঠি পৰি লাগিছে। এই প্রতিবাদ অধিক সংগঠিত আৰু জোৰদাৰৰূপে আগবঢ়াই নিয়া হ’ব বুলিও ঘোষণা কৰে। আজিৰ ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱা, তন্ময় চেতিয়া আৰু বিকাশ বৰবাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁলোকে কয় যে বর্তমান শাসনত থকা বিজেপি চৰকাৰখন থলুৱা লোকৰ পক্ষত নাই। শিলসাঁকোৰ পাৰত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা থলুৱা পৰিয়ালক উচ্ছেদ কৰিলে। বিপৰীতে বহিৰাগত পুঁজিপতিসকলৰ অট্টালিকাসমূহত চৰকাৰ প্ৰশাসনৰ
বুলডজাৰে ঢুকি নাপালে। গতিকে এই চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ নহয়। অনাগত সময়ত শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ লগত বীৰ লাচিত সেনাই সদায় সহযোগ কৰাৰ কথা ঘোষণা কৰে। আজিৰ ধৰ্ণা কাৰ্যসূচীত উচ্ছেদিত ৰাইজৰ হৈ গায়ত্ৰী বৰি, নেইনা বেগম, মমিনা বেগম, ৰুবি গগৈ দেৱী, ৰিতুমণি দাস বেগম, অৰ্চনা টাইড আৰু জয়ন্তী দত্তই উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক অতিশীঘ্ৰে পুনৰ সংস্থাপন দিয়াৰ লগতে উচ্ছেদ সম্পূর্ণৰূপে বন্ধ কৰাৰ দাবী উত্থাপন কৰে। ধৰ্ণা কাৰ্যসূচীৰ শেষত দিছপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ পাঁচ দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷