ashomiyapatrika.com

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰে’লৱেৰ উন্নয়নমূলক প্ৰকল্পসমূহত অভিলেখ সংখ্যক বিনিয়োগ

0 42

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে কেন্দ্ৰীয় চৰকাৰৰ ১০০শতাংশ পুঁজি ব্যয়েৰে ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৩২,৫০০ কোটি টকাৰ আনুমানিক ব্যয়ৰ সাতটা প্ৰকল্পত অনুমোদন জনায়। মাল্টি-ট্ৰেকিঙৰ প্ৰস্তাৱসমূহে ৰে’লৰ চলাচল সহজ কৰিব আৰু ভিৰ হ্ৰাস কৰিব, যাৰ ফলত সমগ্ৰ ভাৰতীয় ৰে’লৱেৰ ব্যস্ততম খণ্ডসমূহত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিগত উন্নয়ন প্ৰদান কৰিব। উত্তৰ প্ৰদেশ, বিহাৰ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ওড়িশা, ঝাৰখণ্ড আৰু পশ্চিমবংগকে ধৰি ৯ খন ৰাজ্যৰ ৩৫ খন জিলা সামৰি লোৱা প্ৰকল্পসমূহে ভাৰতীয় ৰে’লৱেৰ বিদ্যমান নেটৱৰ্কত ২,৩৩৯ কিলোমিটাৰ বৃদ্ধি

কৰিব আৰু তদুপৰি, ৰাজ্যসমূহৰ জনসাধাৰণক কৰ্মসংস্থাপনৰ জৰিয়তে ৭.০৬ কোটি কৰ্ম দিৱস প্ৰদান কৰিব। গোৰখপুৰ কেন্ট-বাল্মীকি নগৰ খণ্ডত ৰেলপথৰ দ্বৈতকৰণে দিল্লী-হাওৰা গ্ৰেণ্ড কৰ্ড লাইনৰ মাজেৰে উত্তৰ-পূৰ্ব্বাঞ্চললৈ অহা-যোৱা কৰা ৰেলসমূহৰ বাবে এক বিকল্প পথ হিচাপে কাম কৰিব। এই বৈকল্পিক ৰেল সংযোগে যান-জঁট হ্ৰাস কৰা, উত্তৰ পূৰ্ব্বাঞ্চলৰ দিশত যোগাযোগ উন্নত কৰা আৰু উত্তৰ পূৰ্ব্বাঞ্চলৰ দিশলৈ অধিকসংখ্যক যাত্ৰীবাহী আৰু মালবাহী ৰেল চলাচলত সহায় কৰিব। গোৰখপুৰ কেন্ট-বাল্মীকি নগৰ খণ্ডত ৰেলপথৰ দ্বৈতকৰণ আনুমানিক ১২৬৯ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হ’ব। নেৰগুণ্ডি-বাৰাং আৰু খুৰ্দা

ৰোড-বিজিয়ানগৰম খণ্ডত তৃতীয় লাইন স্থাপনৰ আন এটা প্ৰকল্পই শিক্ষা, চিকিৎসা আৰু কৰ্মসংস্থাপনৰ উদ্দেশ্যে দক্ষিণ ভাৰত অভিমুখে যাত্ৰা কৰা উত্তৰ- পূৰ্ব্বাঞ্চলৰ লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ৰেল পথ হিচাপে কাম কৰিব। এই খণ্ডটোত কলকাতাৰ পৰা চেন্নাইলৈ যথেষ্ট যান-জঁট আছে। সেয়েহে, এই খণ্ডত তৃতীয় লাইন স্থাপন কৰিলে যান-জঁট হ্ৰাস হ’ব আৰু ৰেলৰ চলাচল বৃদ্ধি হ’ব। এই প্ৰকল্পটো আনুমানিক ৫০০০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হ’ব। খাদ্যশস্য, সাৰ, কয়লা, চিমেণ্ট, ফ্লাইএছ, লো, তীখা, ক্লিংকাৰ, খাৰুৱা তেল, চুনশিল, খোৱা তেল আদি বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহনৰ বাবে এইসমূহ হৈছে

গুৰুত্বপূৰ্ণ ৰেলপথ। ক্ষমতা বৃদ্ধিৰ কাৰ্যৰ পৰিণামস্বৰূপে ২০০ এমটিপিএ (প্ৰতিবৰ্ষত মিলিয়ন টন) মাত্ৰাৰ অতিৰিক্ত মালবাহী ৰে’ল যাতায়ত কৰিব৷ এতিয়া ৰে’লৱে পৰিৱেশ-অনুকূল আৰু পৰিবহণৰ শক্তি সক্ষম হৈ পৰাৰ বাবে ই জলবায়ু লক্ষ্যত উপনীত হোৱাৰ লগতে দেশৰ সামগ্ৰী পৰিবহণৰ ব্যয়ো হ্ৰাস কৰিব৷ এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰীৰ নৱভাৰতৰ দৃষ্টিভঙ্গীৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা হ’ব যি এই অঞ্চলত বহুমূখী কৰ্মশক্তিৰ সৃষ্টিৰ দ্বাৰা এই অঞ্চলৰ লোকসকলক ‘আত্মনিৰ্ভৰ’ কৰি গঢ়ি তুলিব আৰু তেওঁলোকৰ জীৱিকা/স্বনিয়োজনৰ সুবিধাৰ ক্ষেত্ৰত অৰিহণা যোগাব। এই প্ৰকল্পসমূহ

প্ৰধানমন্ত্ৰী-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন ফৰ মাল্টি-মডেল কানেকটিভিটিৰ এক পৰিণাম যিসমূহ একত্ৰিত পৰিকল্পনাৰ জৰিয়তে সম্ভৱ হৈছে আৰু ই মানুহ, সামগ্ৰী আৰু ৰেল সেৱাৰ চলাচলৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ প্ৰদান কৰিব।

Leave A Reply

Your email address will not be published.