ashomiyapatrika.com

স্বাধীনতা দিৱসত ড° হেমপ্ৰভা শইকীয়াসহ সোতৰ গৰাকীক বঁটা প্ৰদান

0 35

গুৱাহাটীঃ স্বাধীনতা দিৱসৰ দিনাই ঐতিহাসিক কটন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ল এখনি গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভা আৰু বঁটা প্ৰদান অনুষ্ঠান৷ বিগত বছৰসমূহৰ দৰে এইবাৰো আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি আৰু অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ উদ্যোগত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ ২১সংখ্যক স্মৃতি দিৱস আৰু জনপ্ৰিয় অসমীয়া সাপ্তাহিক ‘অমৃত প্ৰবাহ’ কাকতৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে ২০২৩বৰ্ষৰ ৰাজ্যিক আদৰ্শ জননী বটা বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন মন্ত্ৰী ড° হেমপ্ৰভা শইকীয়াক আৰু অমৃত প্ৰবাহ সাংবাদিকতা বটা বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাক প্ৰদান কৰা হয়৷ আদৰ্শ জননী স্মৃতিৰক্ষা

সমিতিৰ সভাপতি কৈলাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত আঁত ধৰে সাংবাদিক দৰ্শনা বৰুৱাই৷ অনুষ্ঠানটিত শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতিৰ সভাপতি বিশিষ্ট সমাজকৰ্মী, প্ৰেছ ক্নাব অসমৰ সভাপতি, ক্ৰীড়াসংগঠক তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্ৰীড়াবিদ কৈলাশ শৰ্মা, অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক মৃণালিনী দেৱী, অমৃত নিউজৰ মুখ্য সম্পাদক ড°দয়ানন্দ পাঠক, অসম সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক ড° সূৰ্যকান্ত হাজৰিকা, অসম লোকনিৰ্মাণ পথ বিভাগৰ প্ৰাক্তন বিশেষ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন আয়ুক্তদ্বয় দেৱজ্যোতি হাজৰিকা, দেৱেশ্বৰ মালাকাৰ, অমৃত নিউজৰ মুখ্য কাৰ্যবাহী অমৰ

কাশ্যপক ফুলাম গামোচা আৰু গোলাপ ফুলেৰে আদৰণি জনায় ‘অমৃত নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক হীৰেন চন্দ্ৰ কলিতাই৷ স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে ড°হেমপ্ৰভা শইকীয়া, মৃণালিনী দেৱী, ড°সূৰ্যকান্ত হাজৰিকা, ৰাজেশ কেম্প্ৰাই, দেৱজ্যোতি হাজৰিকা, দেৱেশ্বৰ মালাকাৰ, কৈলাশ শৰ্মা আৰু উপস্থিত ৰাইজে৷ অনুষ্ঠানৰ আৰম্ভণিতে লুহি কলিতাই গীত পৰিৱেশন কৰে৷ কাৰ্যসুচী অনুসৰি প্ৰয়াত শশীপ্ৰভা কলিতা, অমৃত চন্দ্ৰ কলিতা, ড°প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ধীৰেন বৰুৱা পদ্দা মালাকাৰ প্ৰমুখ্যে জ্ঞাত-অজ্ঞাত প্ৰয়াত ব্যক্তিসকলৰ চিৰশান্তিৰ বাবে এক

মিনিট সময় মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়৷ ২০২৩ বৰ্ষৰ ৰাজ্যিক আদৰ্শ জননী বঁটা গ্ৰহণ কৰি ড°হেমপ্ৰভা শইকীয়াই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে৷ আনহাতে বিশিষ্ট সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাৰ হৈ অমৃত প্ৰবাহ সাংবাদিকতা বঁটা গ্ৰহণ কৰে নৱজ্যোতি ডেকাই৷ সেইদৰে এই অনুষ্ঠানতে ২০২৩বৰ্ষৰ ‘বিশেষ ব্যক্তি বিশেষ সন্মান’ বঁটা প্ৰদান কৰা হয় ক্ৰমে মধুচন্দা অধিকাৰী, ডিম্বেশ্বৰ তালুকদাৰ, দেৱজিত চৰকাৰ, অভিলাষা বৰা, জয়ন্ত কলিতা, মমী দিহিঙীয়া, জয়শ্ৰী হাজৰিকা, বিপিন বৈশ্য, আব্দুল চাজিদ আৰু দিপালী তামুলীক৷ সভাত অমৃত প্ৰবাহ কাকতৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে বিশেষ সংখ্যা উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই বক্তব্য প্ৰদান কৰে৷ সভাখনৰ শেষত উপস্থিত সকলোৱে পৰিবেশন কৰা ‘অ ’মোৰ আপোনাৰ দেশ’ জাতীয় সংগীতৰে অনুষ্ঠানটিৰ সফল সামৰণি পৰে৷

Leave A Reply

Your email address will not be published.