ashomiyapatrika.com

মেধা নালাগে, ডলাৰ লাগে চৰকাৰকঃ জিতুল ডেকা

0 32

এন আৰ আই কোটাত মেডিকেলৰ নাম ভর্তি প্রতিক্রিয়া আপৰঃ মুন্নাভাই এম বি বি এছ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব চৰকাৰে

গুৱাহাটীঃ এন আৰ আই কোটাৰ জড়িয়তে ৰাজ্যৰ চিকিৎসা খণ্ডৰ এম বি বি এছৰ নামভৰ্তিৰ ক্ষেত্ৰত মেধাৰ পৰিবৰ্তে ডলাৰৰ ওপৰত অধিক গুৰুত্ব দিছে হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰে। এই মন্তব্য আপ অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাৰ। নীট পৰীক্ষাত ৯০শতাংশ নম্বৰ লাভ কৰি দুখীয়া ছাত্ৰ ছাত্ৰীয়ে মেধাৰ বলত মেডিকেল শিক্ষাত নাম ভৰ্তি কৰিছে তাৰ বিপৰীতে চৰকাৰে গ্ৰহণ কৰা এই কালন্তক সিদ্ধান্তৰ বাবে ধনৰ বলত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সমানে সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে একাংশ কম মেধা সম্পন্ন ছাত্র ছাত্রীয়ে। মেডিকেল শিক্ষাখণ্ডৰ বাবে এয়া অতি ভয়ানক কথা। ৰাজ্যৰ জনসাধাৰনে যি সময়ত ভাল চিকিৎসক আৰু

উন্নত চিকিৎসা ব্যৱস্থা বিচাৰে তেনে সময়ত চৰকাৰে এই ব্যৱস্থাৰ জড়িয়তে মুন্নাভাই এম. বি. বি. এছ সৃষ্টি কৰিব বিচাৰিছে। ৬০০ নম্বৰ লাভ কৰি গুৱাহাটী মেডিকেল কলেজত মেধাৱী প্ৰাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে অভিভাৱকৰ ধনৰ বলত ১৬৮ নম্বৰ লাভ কৰা প্ৰাৰ্থীয়েও এতিয়া এন আৰ আই কোটাত গুৱাহাটী মেডিকেল কলেজত নাম ভৰ্তি কৰিব পাৰিছে। তাৎপর্য পূর্ণ বিষয় যে ১৪২, ১৫৩, ১৬৮, ১৭১নম্বৰ লাভ কৰা প্ৰাৰ্থীয়েও অসমৰ মেডিকেল কলেজ সমূহত এন আৰ আই কোটাৰ দ্বাৰা নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ চৰকাৰী সম্পত্তিসমূহ এফালৰ পৰা বিক্ৰী কৰা দেউলীয়া বিজেপি

চৰকাৰ খনৰ এতিয়া মেডিকেলৰ চিত কেইটাৰ ওপৰত চকু পৰিল। এই ব্যৱস্থাৰ সুযোগ লৈ ৰাজ্যত অনাগত দিনত এম বি বি এছৰ নামভৰ্তি ক্ষেত্ৰত চিন্দিকেট গঢ় লৈ উঠিব বুলি আশংকা প্ৰকাশ কৰিছে আপ, অসমে৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ আপ, অসমে দাবী জনায়।

Leave A Reply

Your email address will not be published.