সকলো চৰকাৰী আৰু ব্যক্তিগত হাস্পতালত এন্টিভেনাম সহজলভ্য কৰি ৰাখিবলৈ দাবী অসম তৃণমূল কংগ্ৰেছৰ
গুৱাহাটীঃ এতিয়া বাৰিষা বতৰ যিহেতু যিকোনো সময়তে সাপে বিচৰণ কৰি ফুৰে৷ বিভিন্ন ঠাইত বিষাক্ত সাপে দংশন কৰা ঘটনাবোৰো সংঘটিত হৈ আছে ৷ তেনেকুৱা বাতৰিবোৰো দেখি আছোঁ৷ দুইদিন পূৰ্বে বাক্সা জিলাত সাপে দংশন কৰাৰ পাছত এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাও ঘটিছে। বিশেষকৈ সাপে দংশন কৰা ব্যক্তিৰ চিকিৎসাৰ বাবে এন্টিভেনাম আৰু জৰুৰীকালীন কক্ষৰ নিতান্তই প্ৰয়োজন৷ গতিকে সাপে দংশন কৰা ৰোগীক চিকিৎসাত সহায়ক হোৱাকৈ অসম চৰকাৰক তৎকালীনভাৱে সকলো চৰকাৰী হাস্পতালত এন্টিভেনাম আৰু জৰুৰীকালীন কক্ষৰ ব্যৱস্থা সাজু কৰি ৰাখিবলৈ অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই দাবী জনায়৷ লগতে ব্যক্তিগত চিকিৎসালয় বোৰতো এই ব্যৱস্থা সহজলভ্য কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়া উচিত৷