ashomiyapatrika.com

প্ৰতিবন্ধী শিক্ষক নিযুক্তিৰ নামত ৰাজ্য চৰকাৰে ৪৯৮জন লোকক প্ৰতাৰণা কৰাৰ অভিযোগ

0 258

দুবাৰকৈ প্ৰতিবন্ধকতাৰ পৰীক্ষা অনুষ্ঠিত কৰিও নিযুক্তি নিদিয়াত ক্ষোভ প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ

গুৱাহাটীঃ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক আৰু জিএমচিএইছত দুবাৰকৈ প্ৰতিবন্ধকতাৰ পৰীক্ষা সম্পন্ন হোৱাৰ দুমাহ অতিক্ৰম কৰাৰ পিছতো ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আজিলৈ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমে৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সংস্হাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে ২০২৩চনৰ ১১ফেব্ৰুৱাৰীত শিক্ষা বিভাগে প্ৰাথমিক আৰু মাধ্যমিক শাখাত প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত ৪৯৮টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ লক্ষ্যনীয় যে উক্ত পদত ৰাজ্যখনৰ মাত্ৰ ৫৭৯জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল৷ সেই অনুসৰি ১ৰ পৰা ৪এপ্ৰিললৈ সংশ্লিষ্ট জিলাসমুহত যুটীয়া

স্বাস্থ্য সঞ্চালকৰ দ্বাৰা প্ৰতিবন্ধকতাৰ পৰিক্ষা সম্পন্ন কৰিছিল৷ ইয়াৰ পিছত ৩মে’ত প্ৰথম আৰু ৮মে’ত দ্বিতীয় তালিকা প্ৰকাশ কৰি ২৩মেত বিভাগে সাধাৰণ প্ৰাৰ্থী সকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰে যদিও এই তালিকাৰ পৰা প্ৰতিবন্ধী প্ৰাৰ্থী সকলৰ নাম বাদ পৰে৷ ইয়াকে লৈ প্ৰতিবন্ধী প্ৰাৰ্থী সকলৰ মাজত এক শংকাৰ পৰিৱেশৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে বিভাগে ততাতৈয়াকৈ ৫ৰ পৰা ৯জুনলৈ পুনৰ প্ৰতিবন্ধকতা পৰিমান পুনৰীক্ষণ জিএমচিএইছত সম্পন্ন কৰে৷ কিন্তু আজিলৈ দুমাহ উকলি যোৱাৰ পিছতো কি ৰহস্যজনক কাৰনত চবকা সাথ সবকা বিকাশৰ শ্ল’গান দিয়া চৰকাৰ খনে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা নাই সেয়াহে নুবুজা সাথৰ৷ গতিকে

বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহন নকৰিলে আমি বুজিম যে প্ৰতিবন্ধী সমাজৰ হৈ কাম কৰাৰ তিলমানো সদ্ভাৱ নাই বৰ্তমানৰ চৰকাৰখনৰ৷ সংবাদমেলতে মালাকাৰে লগতে কয় প্রতিবন্ধী আইন ২০১৬ ৰ ২৪ নং দফা অনুসৰি ৰাজ্যখনত চলি থকা চৰকাৰী আঁচনিত সৰ্বাধিক আদায় দিয়া ধনৰাশিৰ লগত প্রতিবন্ধীসকলক ২৫ শতাংশ ধন অতিৰিক্তভাৱে আদায় দিব লাগে। যদি সেয়া হয় অৰুণোদয়ৰ ১২৫০ টকাৰ ঠাইত ৰাজ্যৰ প্ৰতিজন প্ৰতিবন্ধী ব্যক্তিয়ে ১৫৬৩ টকাকৈ পাব লাগে। তাকে নকৰি কিছু সংখ্যক প্রতিবন্ধী ব্যক্তিক কেৱল ১২৫০ টকা আদায় দি আইনখন ভৰিৰে মোহাৰি দিয়াৰ লগতে ৰাজ্যখনৰ প্ৰতিবন্ধী ব্যক্তিসকলক বঞ্চিত কৰাৰ চেষ্টা চলিছে।

মালাকাৰে লগতে কয় ২০১৭ চনৰ ৩১ ডিচেম্বৰলৈ চৰকাৰে দিয়া তথ্য অনুসৰি প্ৰতিবন্ধীসকলৰ বাবে ২৩টা বিভাগত বেকলগ হৈ থকা মুঠ ৪৪১৯টা খালী পদৰ ৮৬৩টা পদ বাদ দি বাকীসমূহ পদত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে পদসমূহ পুৰণৰ ব্যৱস্থা কৰিব লাগিব৷ এই বিষয়ে ইতিমধ্যে যোৱা ২৭জুলাইত বিভাগীয় মন্ত্ৰী পিয়ুষ হাজৰিকাৰ লগত হোৱা আলোচনাত মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে মূখ্যমন্ত্ৰীক অৱগত কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও আজি পৰ্য্যন্ত ইয়াৰ কোনো ফলপ্ৰসূ সিদ্ধান্ত দেখা পোৱা নগল৷ ইফালে আজিৰ সংবাদমেলত উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰিতুৰাজ দাসে কয় বিদ্যালয় – মহাবিদ্যালয় সমুহত শিক্ষাৰ অধিকাৰ আইন অনুসৰি

প্ৰতিবন্ধী ব্যক্তিসকলৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়া হব লাগে যদিও সেয়া হৈ উঠা নাই৷ গুৱাহাটীত অৱস্থিত একমাত্ৰ দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়খন সম্পূৰ্ণৰূপে চৰকাৰীকৰন কৰা, নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিবন্ধকতাৰ পৰিক্ষাত এটা চকু নথকা ব্যক্তি ৩০শতাংশ প্ৰতিবন্ধকতা ধাৰ্য্য কৰাৰ পৰিৱৰ্তে দুটা আঙুলি নথকা ব্যক্তিক ৪০শতাংশৰ ওপৰৰ বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালে উল্লেখ কৰাৰ বিষয়টো সচাকৈয়ে সন্দেহজনক৷ এইক্ষেত্ৰত যাতে কোনো যোগ্য ব্যক্তি বাদ পৰি নাযায় তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়৷ আজিৰ সংবাদমেলৰ দাবী সমুহ অহা

সাত দিনৰ ভিতৰত সমাধান নকৰিলে যিকোনো গনতান্ত্ৰিক কাৰ্যসূচী কৰিবলৈ বাধ্য হব বুলি সকিয়নী দিয়ে৷ আজিৰ সংবাদমেলত সংগঠনটোৰ প্ৰদুম্ন্য বৰা, ডিম্বেশ্বৰ দাস উপৰিও বহু সদস্য উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.