ashomiyapatrika.com

বকোত যুটীয়া সংবাদ মেলঃ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত খচৰা নিৰ্দেশনা প্ৰকাশ কৰাত আদৰণি জনায় ছয় বড়ো জাতীয় সংগঠনৰ

0 40

বকোঃ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত খচৰা নিৰ্দেশনা প্ৰকাশ কৰাক লৈ আদৰণি জনায় আজি কামৰূপ জিলাৰ বকোত আয়োজন কৰে এক সংবাদ মেল। আজি দিনৰ ১ বজাত দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰত আয়োজন কৰে সংবাদ মেল খন। উল্লেখ্য যে দক্ষিণ কামৰূপ জিলা নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো জাতীয় পৰিষদ, বড়ো সাহিত্য সভা, বকো আঞ্চলিক বড়ো জাতীয় পৰিষদ, দুলাৰাই বড়ো হাৰিমু আফাদ, দুলাৰাই বাথৌ মহাসভা, বড়ো মহিলা কল্যাণ পৰিষদ নামৰ ছয় টাকৈ বড়ো জাতীয় সংগঠনৰ যুটীয়া সংবাদ মেল খন সম্বোধন কৰে বড়ো জাতীয় পৰিষদৰ দক্ষিণ কামৰূপ

জিলা সমিতিৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। সংবাদ মেলত বড়ো সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ সভাপতি প্ৰফুল্ল কুমাৰ বড়ো আৰু সম্পাদক কমল চন্দ্ৰ বড়ো, বড়ো কছাৰী কল্যাণ স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য দশৰথ বড়ো, বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি চানসৌৰাং বসুমতাৰী, বাথৌ মহাসভাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি বিষ্ণু বসুমতাৰী, সাধাৰণ সম্পাদক জিতেন বড়ো, বড়ো হাৰিমু আফাদৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত বড়ো, বড়ো জাতীয় পৰিষদৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰণ

খাখলাৰী আৰু বড়ো মহিলা পৰিষদৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী ৰমিলা দৈমাৰীকে ধৰি বহু সংখ্যক জাতীয় কৰ্মী। সংবাদ মেলত সংগঠনৰ নেতৃবৃন্দই যোৱা ১১ আগষ্টত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত খচৰা নিৰ্দেশনা প্ৰকাশ কৰাত আৰু বকো – ছয়গাঁও সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ঘোষণা কৰাত অতি সন্তোষ প্ৰকাশ কৰি মহামান্য ভাৰতৰ নিৰ্বাচন আয়োগ, অসমৰ মুখ্য নিৰ্বাচন বিষয়া, অসম চৰকাৰ তথা উক্ত বিষয়ৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষকে গভীৰ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু

ধন্যবাদ জ্ঞাপন কৰে। ইফালে বড়ো জাতীয় নেতা প্ৰফুল্ল বড়ো আৰু বিষ্ণু বসুমতাৰীয়ে অনাগত দিনত সমষ্টিৰ উত্তোৰণৰ লক্ষ্যত কৰিব লগা যাৱতীয় কাম-কাজত সকলো জাতি জনগোষ্ঠীৰ লোকৰ দিহা পৰামৰ্শ গ্ৰহণ কৰি ভৱিষ্যতৰ কাৰ্য্যপন্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে।

Leave A Reply

Your email address will not be published.