মৈৰাবাৰী লালু মৰলৰ মৃত্যুঃ শোকৰ ছা
মৈৰাবাৰীঃ মৈৰাবাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী লাল মিঞা মৰল ওৰফে লালু মৰলৰ আজি সন্ধিয়া ৫:৩০ মান বজাত মৃত্যু হয়। বৃক্ক আৰু বাধ্যৰ্কজনিত কাৰনত ৯০ বছৰত মৃত্যু হোৱা লালু মৰল জীৱিত অৱস্থাত মৈৰাবাৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্টানৰ লগত ওতপ্ৰোত ভাৱে জড়িত আছিল। মৰলৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে। মৃত্যুৰ সময়ত দুজন পুত্ৰ সন্তান, ছয়জন কন্যা সন্তানৰ লগতে অগণন গুনমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে।