ashomiyapatrika.com

ধিং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আন্তৰ্জাতিক যুৱ দিৱস

0 41

ধিংঃ অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি, ধিং মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱ, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ডি বি টি ষ্টাৰ কলেজৰ সহযোগত আজিৰে পৰা ধিং মহাবিদ্যালয়ত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে আন্তর্জাতিক যুৱ দিৱস। মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ তত্বাৱধায়ক শিক্ষক ড° মুকুট মনি শইকীয়াই উদেশ্য ব্যখ্যা কৰি সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যত ভয়ানক ভাবে বৃদ্ধি পোৱা ড্ৰাগছ আসক্তি আৰু বিশেষকৈ নগাঁও জিলাত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টো উত্থপন কৰি সমাজত সজাগতা সৃষ্টিৰ গুৰুত্ব আৰোপ কৰে। আজিৰ যুৱ দিৱসৰ শুভাৰম্ভ অনুষ্ঠানত আদৰনি ভাষন

প্ৰদান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমান হাজৰিকাই এইবেলি আন্তৰ্জাতিক যুৱ দিৱসৰ বিষয়বস্তু এক বহনক্ষম পৃথিৱীৰ প্ৰতি যুৱসকলৰ সেউজীয়া দক্ষতা শীৰ্ষক বিষয়ত সাৱলীল ভাষন প্ৰদান কৰি আগন্তুক দুদিনৰ বাবে মহাবিদ্যালয় খনত অনুষ্ঠিত হবলগিয়া যুৱ দিৱসৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণকাৰী সকলক আদৰনি জনায়। পাছত মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱৰ তত্বাৱধায়ক ড° উজয়ন্ত দাসৰ সঞ্চালনাত নগাঁও জিলাৰ পশ্চিমপ্ৰান্তৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ অংশ গ্ৰহণেৰে বৰ্তমান সময়ত যুৱ সম্প্ৰদায়ৰ ওপৰত ড্ৰাগছ, এইচ আই ভি, এইডছৰ প্ৰভাৱ শীৰ্ষক এটি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। অধ্যাপক ডম্বৰুধৰ কাকতি, অজিত শৰ্মা

আৰু সাংবাদিক দিব্যজ্যোতি বৰুৱাই বিচাৰকৰ আসন অলংকৃত কৰা প্ৰতিযোগিতা খনিত প্ৰথম স্থান লাভ কৰে ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তপস্যা তৰিষী, দ্বিতীয় স্থানত শংকৰদেৱ বিদ্যা নিকেতন ধিঙৰ দুষ্টিমা বৰা আৰু তৃতীয় স্থান লাভ কৰে আদৰ্শ বিদ্যালয় বটদ্ৰৱাৰ দিবা ফাৰহাত ভূঞাই। আজিৰ কাৰ্যসূচীত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰদেৱ বিদ্যা নিকেতন ধিং, জৱাহৰ নৱোদয় বিদ্যালয় ধিং, খ্ৰীষ্ট জ্যোতি স্কুল ধিং, আদৰ্শ বিদ্যালয় বটদ্ৰৱা, ধিং মহাবিদ্যালয় আদি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে। ইফালে কাইলৈ পুৱা ৬ বজাত মহাবিদ্যালয়ৰ পৰা হাফ মাৰাথন দৌৰ, ১০ বজাৰ পৰা

অবিভক্ত নগাঁও ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা, ১১ বজাত বাটৰ নাট, আৰোগ্য যোগ নিকেতনৰ যোগ প্ৰদৰ্শন, বিশিষ্ট অতিথিৰ ভাষন আৰু পুৰস্কাৰ বিতৰনে যুৱ দিৱসৰ সামৰণি পৰিব বুলি উদ্যোগতাই জানিব দিয়ে৷

Leave A Reply

Your email address will not be published.