ashomiyapatrika.com

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক লৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

0 53

ৰাইজে বিজেপিক এইবাৰ উচিত প্ৰত্যুত্তৰ দিবঃ ৰকিবুল হুছেইন

গুৱাহাটীঃ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। প্ৰদেশ কংগ্ৰেছৰ হৈ নগাঁৱত এক সংবাদমেলযোগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী, চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনে। সংবাদমেলত হুছেইনে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ কংগ্ৰেছৰ নীতিগতভাৱে কোনো আপত্তি নাই বুলি সদৰী কৰে। তেওঁ কয়, ‘সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নীতিগতভাৱে কংগ্ৰেছ দলে আগতেও আপত্তি কৰা নাছিল আৰু আজিও কৰা নাই। কংগ্ৰেছ দলেও সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বিচাৰিছিল।

কিন্তু ৰাইজৰ ওজৰ-আপত্তিসমূহ নিষ্পত্তি নকৰাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত কৰাটোত আমি আপত্তি দৰ্শাইছিলো।’ আজি প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাখনৰ জৰিয়তে ২০০১ চনৰ লোকপিয়লত থকা প্ৰত্যেকজন ব্যক্তিকে ভাৰতীয় বুলি নিৰ্বাচন আয়োগৰ দৰে এটা সাংবিধানিক সংস্থাৰ জৰিয়তে বৰ্তমানৰ বিজেপিৰ চৰকাৰখনে স্বীকৃতি প্ৰদান কৰিলে বুলিও সংবাদমেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে। তেওঁ এই সন্দৰ্ভত সময়ে সময়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে জাতি বাচিব বুলি বাৰম্বাৰ দাবী কৰি অহা কথাষাৰো উনুকিয়াই দিয়ে। সংবাদমেলখনত সমষ্টি পুনৰ

নিৰ্ধাৰণৰ চূড়ান্ত তালিকাখনৰ ৰাজনৈতিক প্ৰসংগ সন্দৰ্ভতো অৱগত কৰে হুছেইনে। তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে যো-জা চলোৱাৰ সময়তে নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ দিহা-পৰামৰ্শমতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত দলৰ শীৰ্ষৰ নেতাসকলে তৃণমূল কংগ্ৰেছ কৰ্মীসকলৰ সৈতে আলোচনা কৰি ৰাজনৈতিক ভাৱে যুদ্ধ চলাই যাবলৈ প্ৰস্তুতি চলাইছিল। এইক্ষেত্ৰত কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱা বাকী ১১ টা বিজেপি বিৰোধী দলেও সন্মিলিতভাৱে ৰাজনৈতিকভাৱে যুঁজিবলৈ সাজু হৈ উঠিছে বুলিও হুছেইনে জানিবলৈ দিয়ে। হুছেইনে আজিৰ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ

চৰকাৰৰ দিনত হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগও উল্লেখ কৰে। তেওঁ কয় যে সেই সময়ত চৰকাৰ থাকোতেই সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা বাবে আকৌ কংগ্ৰেছেই জয়ী হ’ব বুলি শীৰ্ষৰ নেতাসকলে ভাবিছিল যদিও ১৯৭৮ৰ নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰি গোলাপ বৰবৰাৰ নেতৃত্বত জনতা দলেহে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হৈছিল। একেদৰে ১৯৭৬ চনত সমগ্ৰ দেশতে ইন্দিৰা গান্ধীৰ চৰকাৰে সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ পিছতো পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছ দল কিদৰে পৰাস্ত হৈছিল সেয়াও বৰ্তমানৰ চৰকাৰখনক উদ্দেশ্যি অৱগত কৰে ৰকিবুল হুছেইনে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলেই বাৰে বাৰে

বিজেপি জয়ী হৈ থাকিব বুলি ভাবি লোৱাতো আকাশত চাং পতাৰ বাদে আন একো নহয় বুলিও সকীয়াই দিয়ে ৰকিবুল হুছেইনে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনত মূল্যবৃদ্ধি আৰু হিমন্ত চৰকাৰৰ ভুল নীতিত অতিষ্ঠ ৰাইজে হিমন্ত চৰকাৰখনক ভালকৈ এসেকা দিব বুলিও দাবী কৰে ৰকিবুল হুছেইনে। ‘উজনি অসমলৈ আমি যেতিয়া গৈছিলো বৰষুণত ছাতি লৈ শিৱদৌলৰ কাষত বহি ৰাইজে বিজেপিক শিক্ষা দিম বুলি কোৱা শুনিছিলো। নামনিতো বঙাইগাঁৱত কোচ-ৰাজবংশী লোকসকল একত্ৰিত হৈ কৈছে যে আমাৰ ঐতিহ্যমণ্ডিত সমষ্টি এইখন চৰকাৰে নাইকিয়া কৰিছে যেতিয়া এইবাৰ আমিও চাই লম। বৰাকতো ভাষিক সংখ্যালঘূ লোকসকল

ক্ষোভিত হৈছে আৰু কৈছে যে যোৱাবাৰ আমাৰ ভোটেৰে তেওঁলোক জিকিছিল। যি যুক্তিৰে চৰকাৰে বৰাকত সমষ্টি কমাইছে সেই যুক্তিৰেই আমিও প্ৰত্যুত্তৰ দিম বুলি তেওঁলোক ৰৈ আছে।’-মধ্য অসম, পাহাৰ-ভৈয়াম, বিটিএডি সকলোতে মানুহ ক্ষুব্ধ হৈ আছে বুলি দাবী কৰি সংবাদমেলত হুছেইনে কয়। আসন্ন লোকসভা নিৰ্বাচনতেই বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মইমতালিৰে কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ উচিত প্ৰত্যুত্তৰ ৰাইজৰ পৰা পাব বুলিও মন্তব্য কৰে হুছেইনে। ইয়াৰ লগতে তেওঁ কয় যে নিৰ্বাচন আয়োগে ৱেবছাইটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পূৰ্ণ প্ৰতিবেদন এতিয়াও প্ৰকাশ পোৱা নাই বুলি কৈছে আৰু যেতিয়াই সম্পূৰ্ণ প্ৰতিবেদন প্ৰকাশ

পাব তেতিয়াই কংগ্ৰেছ দলে বিষয়টো আকৌ নিৰীক্ষণ কৰি ৰাইজক সবিশেষ জনাবলৈ সমৰ্থ হ’ব। আনহাতে গুৰুজনাৰ জন্মস্থান ঐতিহ্যমণ্ডিত বটদ্ৰৱা সমষ্টিটো বিলুপ্ত কৰাতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰকিবুল হুছেইনে। গুৰুজনাৰ নামত থকা সমষ্টিটো নগাঁও সমষ্টিৰ সৈতে লগলগাই দিয়াৰ প্ৰত্যুত্তৰো ৰাইজে সময়ত দিব বুলিও সকীয়াই দিয়ে হুছেইনে। এই সন্দৰ্ভত তেওঁ আৰু কয় যে বিনাশকালে বিপৰীত বুদ্ধিৰ দৰে বিজেপিয়ে এটাৰ পিছত আনটো ভুল কৰি গৈ আছে। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লওতে মুখ্যমন্ত্ৰীয়ে হাতত লোৱা প্ৰক্ৰিয়া তেওঁৰ এক উল্লেখনীয় ৰাজনৈতিক ভুল বুলিও মন্তব্য কৰে হুছেইনে। এয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ বাবে কাল হৈ পৰিব বুলিও উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।

Leave A Reply

Your email address will not be published.