নিৰ্বাচন জিকাৰ সম্ভাৱনা নেদেখি গাৰ জোৰত ডিলিমিটেচন কৰিছে বিজেপিয়েঃ অজাপ
উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ অপেক্ষা জাতীয় পৰিষদৰ
গুৱাহাটীঃ ‘নিৰ্বাচন জিকাৰ সম্ভাৱনা নেদেখি গাৰ জোৰত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে বিজেপিয়ে৷ জনসাধাৰণৰ অপ্ৰিয়পাত্ৰ হোৱা বিজেপি দলে জানিছিল যে অহা নিৰ্বাচনত তেওঁলোকৰ পৰাজয় নিশ্চিত৷ সেয়ে নিজৰ ভোট বেংক অনুসৰি সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণেৰে সকলো সাংবিধানিক তথা গণতান্ত্ৰিক বিধি-বিধানক কুঠাৰাঘাত কৰি নিৰ্বাচন আয়োগৰ দ্বাৰা বিজেপি দল আৰু ইয়াৰ চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম সম্পাদন কৰোৱাইছে৷’ এই বক্তব্য অসম জাতীয় পৰিষদৰ৷ আজি প্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়াত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ
সম্পাদক জগদীশ ভূঞাই কয় যে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আচলতে বিজেপি দল আৰু ইয়াৰ চৰকাৰেহে কৰিছে, নিৰ্বাচন আয়োগৰ অকল নামটোহে ব্যৱহাৰ কৰা হৈছে৷ জনমতক উপেক্ষা কৰি, সাংবিধানিক বিধি-ব্যৱস্থাক ভৰিৰে মোহাৰি, জনসেৱাৰ অৰ্থে জনসাধাৰণে অৰ্পন কৰা ক্ষমতাৰ অপপ্ৰয়োগেৰে কেৱল নিৰ্বাচন জিকাৰ স্বাৰ্থত বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পন্ন কৰিছে৷ গগৈ আৰু ভূঞাই লগতে কয় যে বিজেপিয়ে জানিছিল যে তেওঁলোকে অহা নিৰ্বাচনত নিশ্চিতভাৱে পৰাজিত হ’ব৷ সেয়ে নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত নিজ দলৰ সুবিধা হোৱাকৈ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ জৰিয়তে যেন তেন প্ৰকাৰেণ
তেওঁলোকে নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে৷ কিন্তু ক্ষমতাত অন্ধ হৈ জনমতক উপেক্ষা কৰি বিজেপিয়ে এই কাম কৰিলেও ৰাইজে কিন্তু বিজেপিৰ কাৰছাজি নিৰলে চাই আছে৷ অসম জাতীয় পৰিষদে সীমা পুনৰ নিৰ্ধাৰণক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হোৱাৰ প্ৰসংগ দোহাৰি গগৈ আৰু ভূঞাই কয় যে দলে সদ্যহতে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বাবে অপেক্ষা কৰিব৷ তাৰ পিছত বিজেপিৰ স্বাৰ্থান্বেষী তথা জনবিৰোধী পক্ষেপৰ বিৰুদ্ধে ৰাইজৰ আদালতলৈ যাব৷