ashomiyapatrika.com

ৰঙিয়া ‘ছুপাৰ ডিভিজন’ ফুটবল লীগঃ ঢোলকুছি ট্ৰাইবেল সংঘৰ অগ্ৰগতি

0 131

ৰঙিয়াঃ মধুকুছি কছাৰী মহল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মধুকুছি সংস্কাৰক সংঘ ও পুথিভঁৰালৰ সহযোগত চলি থকা স্বৰ্গীয় নিজৌমচা বড়ো সোৱৰণী ছুপাৰ ডিভিজন আন্তঃক্লাব ফুটবল লীগত আজি ঢোলকুছি ট্ৰাইবেল সংঘই ৰঙিয়া টাউন ক্লাৱক ২ — ০ গ’লত পৰাস্ত কৰে। প্ৰথমাৰ্ধ অমীমাংসিত হৈ আছিল যদিও দ্বিতীয়াৰ্ধৰ ৭৫ মিনিট আৰু ৭৮ মিনিটত ১০ নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ বিনন্দ ৰামচিয়াৰীৰ দুটি গ’লৰ জৰিয়তে ঢোলকুছি ট্ৰাইবেল সংঘই অগ্ৰগতি লাভ কৰে৷

আনহাতে ৰঙিয়া টাউন ক্লাৱৰ ১৭ নম্বৰ জাৰ্চি পৰিহিত খেলুৱৈ কৰণ বড়োক ৩৭ মিনিটত ক্ৰীড়াহীন আচৰণৰ বাবে ৰেফাৰীয়ে হালধীয়া কাৰ্ড দেখুৱাই । আজিৰ খেলখন পৰিচালনা কৰে নিপন বড়ো, পহৰেদ আলী আহমেদ, মনোৰঞ্জন মহন্ত আৰু আফজালুৰ ৰহমানে। কাইলৈৰ বি গ্ৰুপৰ এখন খেলত কেতেকীবাৰী জ্ঞানদা সংঘ আৰু ঢোলকুছি ট্ৰাইবেল সংঘই তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব।

Leave A Reply

Your email address will not be published.