প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
প্ৰধানমন্ত্ৰী স্বনিধি যোজনাই পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱনলৈ লক্ষ্যণীয় পৰিৱৰ্তন আনিছে
গুৱাহাটীঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখ্য যে অসমত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ নিধি ৰূপায়ণত অৰ্জন কৰা বিশেষ সাফল্যৰ বাবে ৰাজ্যৰ বিভিন্ন পৌৰ নিকায় তথা ঋণ প্ৰদানকাৰী বেংক বা বিত্তীয় প্ৰতিষ্ঠানসমূহক আজিৰ অনুষ্ঠানত বঁটা প্ৰদানেৰে সন্মানিত কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে কভিদ-১৯ৰ ফলত দিয়া দেশজোৰা লকডাউনত আৰ্থিকভাৱে প্ৰভাৱিত হোৱা পদপথৰ ক্ষুদ্ৰ
ব্যৱসায়ীসকলক সকাহ প্ৰদান কৰি তেওঁলোকক অৰ্থনীতিৰ মূলসুঁতিলৈ অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনত এই অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই দূৰদৰ্শী প্ৰকল্প ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ই দেশৰ আন প্ৰান্তৰ দৰে অসমৰো অভিলেখসংখ্যক পদপথৰ ব্যৱসায়ীৰ জীৱনলৈ লক্ষ্যণীয় পৰিৱৰ্তন আনিছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই আঁচনিৰ অধীনত ক্ষুদ্ৰ ব্যৱসায়ীসকলে বন্ধকীবিহীন ঋণ লাভৰ জৰিয়তে আৰ্থিকভাৱে যথেষ্ট সকাহ পোৱাৰ লগতে তেওঁলোকৰ ব্যৱসায় আৰু পৰিয়াল সুন্দৰকৈ চলাই নিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে ‘স্বনিধিৰ পৰা সমৃদ্ধিলৈ’ শীৰ্ষক আন এক সহযোগী পদক্ষেপৰ অধীনত
প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী শ্ৰমযোগী মান-ধন যোজনা, প্ৰধানমন্ত্ৰী জন-ধন যোজনা, এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড, জননী সুৰক্ষা যোজনা, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আদি অন্যান্য আঠপ্ৰকাৰৰ চৰকাৰী আঁচনিৰ সুবিধা আগবঢোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনি ৰূপায়ণত অসমে অতি সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিছে, যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ নিৰ্ধাৰিত লক্ষ্য ক্ৰমান্বয়ে বৃদ্ধি কৰি আছে। উন্নত ৰূপায়ণৰ বাবে প্ৰাৰম্ভিক লক্ষ্য ৫২,০০০ৰ পৰা সম্প্ৰতি ১,১৫,০০০ৰো অধিক পদপথৰ ব্যৱসায়ীক এই আঁচনিয়ে
সামৰি লোৱা বুলি তেওঁ জানিবলৈ দিয়ে। এই পৰ্যন্ত প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ অধীনত ৰাজ্যত ৪.০৯ কোটি টকাৰ সুঁত ৰাজসাহায্যসহ ২১৪ কোটি টকাৰো অধিক ধন বিতৰণ কৰা হৈছে বুলি জানিবলৈ দি তেওঁ কয় যে ৰাজ্যৰ প্ৰায় ৬৫,০০০ ক্ষুদ্ৰ ব্যৱসায়ীয়ে এতিয়া ডিজিটেল পেমেণ্ট ব্যৱস্থাক আদৰি লৈছে। প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনি ৰূপায়ণত উন্নত ফলাফলৰ বাবে অসমে কেইবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০২৩ চনৰ ১ জুনত অসমে উত্তৰ-পূৰ্বাঞ্চল আৰু পাহাৰীয়া ৰাজ্যৰ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰিছিল। আনহাতে চলিত বছৰৰ ১৮ জুলাই তাৰিখে অসমে নিজৰ শিতানত শ্ৰেষ্ঠ ৰাজ্যৰ লগতে উদ্ভাৱন আৰু
উন্নত ৰূপায়ণৰ বাবে আন দুটা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰী সিংহলে কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানৰ জৰিয়তে ৰাজ্যৰ ১১ খন পৌৰ নিকায়ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ প্ৰভাৱৰ অধ্যয়ন কৰা হৈছিল। এই অধ্যয়নে ৰাজ্যৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী স্ব-নিধিয়ে আনি দিয়া গুৰুত্বপূৰ্ণ ইতিবাচক আৰ্থ-সামাজিক পৰিৱৰ্তনৰ কথা প্ৰমাণ কৰিছে বুলি তেওঁ মন্তব্য কৰে। আজিৰ বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন,
গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অৱৰ-সচিব সতীশ কুমাৰ সিঙৰ লগতে বঁটাপ্ৰাপক পৌৰ নিকায়সমূহৰ পৌৰপতি-উপ পৌৰপতিসকল, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, অসমৰ বিষয়ববীয়াসকল, প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ নিৰ্দিষ্ট হিতাধিকাৰীসকল আৰু দীনদয়াল উপাধ্যায়-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ কিছুসংখ্যক সদস্যও উপস্থিত থাকে।