কামৰূপ মহানগৰ জিলাত অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা বৈঠকঃ নিৰ্ধাৰিত সময়ত আঁচনি ৰূপায়ণত গুৰুত্ব মন্ত্ৰী অতুল বৰাৰ
গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ কৃষি,পশুপালন আৰু পশু চিকিৎসা,অসম চুক্তি ৰূপায়ন ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত এখন বিভাগীয় পৰ্যালোচনা বৈঠক অনুস্থিত হয়। বৈঠকত বিভাগসমূহে ইতিমধ্যে ৰূপায়ণ কৰি থকা চৰকাৰী আঁচনিসমূহৰ কাম -কাজৰ পৰ্যালোচনা কৰা হয়। সংশ্লিষ্ট বিভাগসমূহে পাৱাৰ পইণ্ট প্ৰেজেণ্টটেশ্যনৰ সহায়ত নিজৰ বিভাগৰ কাম-কাজৰ খতিয়ান ডাঙি ধৰে৷ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জিলা আয়ুক্ত সুমিত সাত্তাৱান, জিলা উন্নয়ন আয়ুক্ত
পাৰিজাত ভূঞাৰ উপস্থিতিত অনুষ্ঠিত বৈঠক খনত সঠিক সময়ত চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়৷ বৈঠকত অভিভাৱক মন্ত্ৰী অতুল বৰাই নিৰ্ধাৰিত সময়ত চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰে৷ এইক্ষেত্ৰত অধিক দায়বদ্ধতাৰে জনসেৱাৰ কামত মনোনিবেশ কৰিবলৈ বিষয়াসকলৰ প্ৰতি তেওঁ আহ্বান জনায়৷ আজিৰ এই বৈঠকত কামৰূপ মহানগৰ জিলা মহানগৰ প্ৰশাসনৰ কেইবাগৰাকী অতিৰিক্ত জিলা আয়ুক্ত সহ অন্যান্য বিষয়া আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷