প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ এনডিএৰ সাংসদসকলৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ এক নতুন যুগৰ সূচনা হৈছেঃ সৰ্বানন্দ সোণোৱাল
নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ এনডিএ-ৰ সাংসদসকলে। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈয়েই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক নৱৰূপ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক সৰ্বানন্দ সোণোৱাল আৰু অসমৰ এনডিএ-ৰ সাংসদসকলে কৃতজ্ঞতা জ্ঞাপন কৰে। সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত উল্লেখ কৰে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ এক নতুন যুগৰ সূচনা হৈছে। তেখেতৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবেই সমগ্ৰ অঞ্চলটো নতুন ভাৰতৰ বিকাশৰ
নতুন ইঞ্জিন আৰু অষ্টলক্ষ্মী হিচাপে উজলি উঠিছে। উত্তৰ- পূৰ্বাঞ্চল দক্ষিণ-পূব এছিয়াৰ উৎপাদন আৰু ব্যৱসায়- বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হোৱাৰ যথেষ্ট থল আছে। আৰু গুৱাহাটী ইয়াৰ মুখ্য কেন্দ্ৰবিন্দু হোৱাৰ সম্ভাৱনা আছে। গতিকে মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগৰ অভূতপূৰ্ব উন্নয়ন সাধনৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰাৰ মূলতে হৈছে ভাৰতৰ এই সমগ্ৰ অঞ্চলটোক দক্ষিণ-পূব এছিয়াৰ শক্তিশালী অঞ্চল হিচাপে জিলিকাই তোলাৰ অন্তৰ্নিহিত পৰিকল্পনা। তদুপৰি অসম তথা উত্তৰ-পূবত স্থায়ী শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰতো মোদী ডাঙৰীয়াৰ ভূমিকা অপৰিসীম। তেখেতৰ অসম তথা
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা দায়বদ্ধতা, সদিচ্ছা আৰু গভীৰ টানৰ বাবেই সমগ্ৰ অঞ্চলটোত সৰ্বাংগীণ বিকাশ আৰু স্থায়ী শান্তিৰ পথ প্ৰশস্ত হৈছে। দেশৰ অমৃতকালত মোদী ডাঙৰীয়াৰ দৰে দূৰদৰ্শী আৰু দেশহিতৈষী প্ৰধানমন্ত্ৰীৰ সান্নিধ্য লাভ কৰি আমি অনুপ্ৰাণিত হৈছোঁ।’ অসমৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ২০২৪-২৫ বৰ্ষৰ বাজেটত ঘোষণা কৰা সাহায্য, ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থলীৰ তালিকাত অন্তৰ্ভুক্ত হোৱা, জাগীৰোডত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম অৰ্ধপৰিবাহী (ছেমিকণ্ডাক্টৰ) প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভণি, অতি গুৰুত্বপূৰ্ণ গুৱাহাটী ৰিং ৰোডৰ অনুমোদনৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবেও উত্তৰ-পূৰ্বাঞ্চলবাসীৰ হৈ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।