ashomiyapatrika.com

কেলেংকাৰীৰ বিৰুদ্ধে ২০১৫চনৰ পৰা চলাই অহা সংগ্ৰামে পালে ন্যাৰ্য্যতা

0 53

এপিএছচি কেলেংকাৰিঃ আদালতৰ ৰায়ক আদৰণি অখিল গগৈৰ

গুৱাহাটীঃ এপিএছচিত কৃষি¸ বিষয়া নিযুক্তিক লৈ হোৱা কেলেংকাৰিৰ বিৰুদ্ধে দিয়া বিশেষ আদালতৰ ৰায়ক আদৰণি জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ এই ৰায়ে ৰাকেশ কুমাৰ পালৰ দিনত এপিএছচিৰ নিযুক্তিত যে ব্যাপক কেলেংকাৰি সংঘটিত হৈছিল সেয়া প্ৰমাণিত কৰি দিলে৷ ৰাকেশ কুমাৰ পাল অধ্যক্ষ হৈ থকা সময়ত এপিএছচিৰ বিভিন্ন নিযুক্তিত যে ব্যাপক কেলেংকাৰি হৈছিল এয়া ৰাজহুৱাভাৱে প্ৰথমবাৰলৈ উত্থাপন কৰিছিল অখিল গগৈয়ে ৷ আৰটিআইৰ অধীনত সংগ্ৰহ কৰা তথ্য, নিজস্ব অনুসন্ধান আৰু বিভিন্নজনৰ পৰা পোৱা তথ্যৰ ভিত্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে অখিল গগৈয়ে এপিএছচিৰ

কেলেংকাৰিৰ তথ্য ৰাজহুৱা কৰিছিল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাকেশ কুমাৰ পালৰ দিনত হোৱা নিযুক্তিৰ কেলেংকাৰিৰ তদন্ত বিচাৰি ৰাজপথত চলিছিল ধাৰাবাহিক আন্দোলন ৷ আন্দোলন কৰি অখিল গগৈয়ে আন কেইবাগৰাকীও সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ বৰণ কৰি কাৰাবাসো খাতিব লগা হৈছিল৷ কিন্তু তদানীন্তন তৰুণ গগৈ চৰকাৰে নিযুক্তি কেলেংকাৰিক লৈ কোনো তদন্ত ঘোষণা কৰা নাছিল ৷ সেয়েহে প্ৰমাণিক তথ্য প্ৰমাণ লৈ অখিল গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৷ এই গোচৰৰ ওপৰত ভিত্তি কৰিয়েই গুৱাহাটী উচ্ছ ন্যায়ালয়ে এপিএছচিৰ নিযুক্তি কেলেংকাৰিৰ চিবিআই তদন্ত আৰু

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱাৰ ৰায় প্ৰদান কৰিছিল ৷ অখিল গগৈয়ে কয় যে ২০১৫ চনৰ পৰা এপিএছচিৰ এই নিযুক্তি কেলেংকাৰিৰ বিৰুদ্ধে চলাই অহা সংগ্ৰামখনে আজি আদালতৰ ৰায়ত ন্যাৰ্য্যতা লাভ কৰিছে৷ তেখেতে লগতে এপিএছচিৰ নিযুক্তি কেলেংকাৰিৰ বিৰুদ্ধে ২০১৫ চনৰ পৰাই ধাৰাবাহিকভাৱে লাগি থকা সকলোকে ধন্যবাদ আৰু শুভেচ্চা জনায়৷

Leave A Reply

Your email address will not be published.