আমিনগাঁৱত আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন
গুৱাহাটীঃ কামৰূপ জিলাৰ আমিনগাওঁৰ চিলাৰায় উদ্যান আৰু লোক নিৰ্মাণ ভৱনত আজি সোমবাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ ৩৪ তম প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় ভাৱে পালন কৰা হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পুৱা চিলাৰায় উদ্যানত পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি ক্ষিতিশ বৰ্মনে। শ্বহীদ তৰ্পণ কৰে কেন্দ্ৰীয় যুটীয়া সম্পাদক কপিলদেৱ সিংহ আৰু পাৰ্থজ্যোতি বড়াই। চিলাৰায় প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে আক্ৰাছুৰ উপদেষ্ঠা ভৰত ৰাজবংশীয়ে। শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহন কৰে কমতাপুৰ স্বায়ত্ব পৰিষদৰ
মুখ্যকাৰ্যবাহী জীৱেজ ৰায়, কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, জিলা অতিৰিক্ত আয়ুক্ত কমল বৰুৱা, বিজেপিৰ অনুসূচীত মৰ্চাৰ উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাসে। তাৰ পাছতে এটি বৃক্ষৰোপন কাৰ্যসূচী কৰা হয়। বৃক্ষৰোপন কৰে বিশিষ্ট চিকিৎসক তথা বিজেপি নেতা ডাঃ হৃদয় কুমাৰ দাসে। ইয়াৰ পিছতে গৌৰিপুৰ আয়তী আৰু অভয়পুৰ আয়তী দলৰ দ্বাৰা দিহা নাম পৰিবেশন কৰা হয়। দিনৰ এক বজাৰ পৰা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ আৰম্ভনীতে কুমৰীকাটা কোচ ৰাজবংশীৰ এটি দলে গীত পৰিবেশন কৰে। ক্ষিতিশ বৰ্মনে সভাপতিত্ব কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পলাশবাৰী
বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ঠাকুৰীয়াই তেওঁ ভাষণত ৰাজ্যত ৭০ লক্ষ জনসংখ্যা থকা এটা জাতিয়ে একত্ৰিত নোহোৱাৰ বাবে বাৰে বাৰে নিজৰ পাপ্ৰ্য অধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি উল্লেখ কৰে। লগতে একত্ৰিত হৈ আগবাঢ়ি গলেহে পাপ্ৰ্য অধিকাৰ পাম বুলি কয়। সভাতে বিশ্ব মহাবীৰ চিলাৰায় নামেৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ অনুসূচীত মৰ্চাৰ উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাসে। দাসে তেওঁৰ ভাষণত সকলো কোচ ৰাজবংশী লোককে তেওঁ লোকৰ নৃত্য গীত ভাষা সংস্কৃতি যি দৰে প্ৰচাৰ প্ৰসাৰ হব লাগিছিল তাক বহু পৰিমানে কম দেখা পোৱা যায়। তাৰ বাবে আক্ৰাছুক
নেতৃত্ব দি কোচ ৰাজবংশীক জনগোষ্ঠীক নেতৃত্ব দিবলৈ আহ্বান জনায়। সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে আক্ৰাছুৰ উপদেষ্টা ভৰত ৰাজবংশীয়ে। অনুষ্ঠানৰ আতঁ ধৰে কেন্দ্ৰীয় যুটীয়া সম্পাদক কপিলদেৱ সিংহই। অনুষ্ঠানতে কাকলি বৰুৱাৰ মুৰ্চনা সংগীত একাডেমীৰ তৰফৰ গোৱালপৰীয়া লোকগীত পৰিবেশন কৰে। সভাত সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সদৌ অসম সুত্ৰধৰ ছাত্ৰ সন্থা সভাপতি লক্ষ্মীকান্ত সূত্ৰধৰ বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ ৰাজবংশী, কমতাপুৰ অটোনমাছ কাউন্সিল সাধাৰণ সদস্য প্ৰণৱজ্যোতি বৰ্মন বিশিষ্ট সমাজকৰ্মী
গৌৰিকান্ত কাকতি প্ৰমুখ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাচ শতাধিক কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ উপস্থিতিত উলহ মালহৰে আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।