১ আগষ্টৰ পৰা বাহনৰ পঞ্জীয়ন নম্বৰত থাকিব এএছ ০১ জিএ
৭৮সংখ্যক স্বাধীনতা বৰ্ষত স্বদেশ-স্বজাতিৰ দেশপ্ৰেম উদ্বুদ্ধ কৰাৰ বাবে পৰিবহণ বিভাগৰ আদৰণীয় পদক্ষেপ
গুৱাহাটীঃ ৭৮সংখ্যক স্বাধীনতা বৰ্ষত ‘মেৰা ভাৰত মহান’ শীৰ্ষক শ্ল’গানেৰে স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৰাইজৰ বাবে এক বিশেষ সেৱা মুকলি কৰিবলৈ আগবাঢ়িছে। আগন্তুক ১আগষ্টৰ পৰা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰবাসীয়ে লাভ কৰিবলগীয়া এই বিশেষ সেৱা অনুসৰি কামৰূপ মহানগৰ জিলাত বাহনৰ পঞ্জীয়ন নম্বৰত এএছ ০১ জিএ লিখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । বাহনৰ নাম্বাৰ প্লেটত থাকিবলগীয়া জিএ মানে সূচাব গুৱাহাটী অসম। পৰিবহণ বিভাগৰ বিশেষ
কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে বিশেষকৈ মুক্তিযুঁজাৰু পৰিয়াল, সামৰিক, অৰ্ধসামৰিক বাহিনী, আৰক্ষী, সাংবাদিক, চিকিৎসক, অধিবক্তা, ক্ৰীড়াবিদ আদি লোকসকলে এই সেৱা লাভ কৰাত অগ্ৰাধিকাৰ পাব৷ ১আগষ্টৰ পৰা নতুন বাহন ক্ৰয় কৰা লোকসকলে বাহনৰ পঞ্জীয়ন নম্বৰত এএছ ০১ জিএ লিখিব পাৰিব৷ মনকৰিবলগীয়া কথা যে দেশৰ বিভিন্ন স্থানত বসবাস কৰা অসমীয়া লোকসকলে পঞ্জীয়ন নম্বৰত এএছ ০১ জিএ লিখি বাহন চলাব পাৰিব। ইয়াৰ বাবে যিখন ৰাজ্যত বাহন ক্ৰয় কৰে সেইখন ৰাজ্যৰ পৰা অস্থায়ী পঞ্জীয়ন নম্বৰ লৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বাহনৰ পঞ্জীয়ন কৰিব লাগিব ৷ উল্লেখ্য যে এই সেৱা সন্দৰ্ভত পৰিবহণ বিভাগে দুই এদিনতে জাননী জাৰি কৰিব।