বিশিষ্ট পদাৰ্থ বিজ্ঞানী, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাৰ মৃত্যুঃ শোকৰ ছাঁ
গুৱাহাটীঃ অসমৰ এগৰাকী বিশিষ্ট পদাৰ্থ বিজ্ঞানী, কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° দিলীপ শৰ্মাৰ আজি দিনৰ ১১-১০ বজাত হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হস্পিটালত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে। শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে হস্পিটালত অসংখ্য গুনমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ উল্লেখ্য যে গুৱাহাটীৰ কুমাৰপাৰা নিবাসী ড° শৰ্মা আজীবন বিজ্ঞান জনপ্ৰিয়কৰণৰ কামত ব্ৰতী আছিল। তেওঁ অসম বিজ্ঞান সমিতি, ছাত্ৰ বিজ্ঞান সমিতি আদি বিভিন্ন বিজ্ঞান সংগঠনৰ লগত জড়িত থকাৰ উপৰিও মৃত্যুৰ সময়লৈকে কুমাৰপাৰা আঞ্চলিক ঊন্নয়ন সমিতিৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে কুমাৰপাৰা আঞ্চলিক উন্নয়ন সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।