ashomiyapatrika.com

চন্দ্ৰপুৰ আছুৰ অন্তৰংগ আলাপত ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক অৰূপ জ্যোতি টেৰণ

0 34

গুৱাহাটীঃ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া কৰ্মশালাৰ লগত সংগতি ৰাখি আজি চন্দ্ৰপুৰ হাইস্কুলত এক অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ জিলাৰ উপ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত ঠাকুৰকুছী গাওঁৰ নিবাসী অৰূপ জ্যোতি টেৰণ। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ঘোষক যুৱৰাজ কুমাৰ দাসে আতধৰা অনুষ্ঠানটিত চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক এখনি ফুলাম গামোচা, স্মাৰক আৰু কিতাপৰ টোপোলাৰে উষ্ম আদৰণি জনোৱা হয়। চন্দ্ৰপুৰ অঞ্চলৰ

ভালেসংখ্যক অভিভাৱক আৰু ছাত্ৰ- ছাত্ৰীৰ লগতে বিষয়াগৰাকীয়ে মত বিনিময় কৰে। অৰূপ জ্যোতি টেৰণে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে কঠোৰ পৰিশ্ৰম আৰু অধ্যয়ণৰ মাজৰে সফলতা অৰ্জন কৰিব লাগে বুলি মন্তব্য কৰে।আজিৰ এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰমেন ঠাকুৰীয়া, সহকাৰী সাধাৰণ সম্পাদক মৃদুল কুমাৰ দাস, সাংগঠনিক সম্পাদক চানবলী মাহতু, চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুল কলিতা আৰু সাধাৰণ সম্পাদক সৌৰভ দাসকে প্ৰমুখ্যে কৰিস্থানীয় ৰাইজৰ আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.