ashomiyapatrika.com

হাইলাকান্দিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪সংখ্যক অধিৱেশন আৰম্ভ

0 31

বৰাক -ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ বাৰ্তা বিলাই ৫২ মহকুমাৰ সহস্ৰাধিক শিক্ষক প্ৰতিনিধিৰ উপস্থিতিত উছৱমুখৰ পৰিৱেশ

গুৱাহাটীঃ কালিৰে পৰা বৰাক উপত্যকাৰ হাইলাকান্দি চহৰত আৰম্ভ হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন৷ কালি বিয়লি প্ৰতিনিধি পঞ্জীয়ন আৰু প্ৰতিনিধি শিবিৰ মুকলিৰ পিছত অধিৱেশন থলী হাইলাকান্দিৰ ৰবীন্দ্ৰ ভৱনৰ সন্মুখত আজি পুৱা ৯ বজাত সভাপতি অখিল চন্দ্ৰ নাথে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পতাকা উত্তোলন কৰি ৪৪সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ মূল কাৰ্যসূচী সমূহৰ শুভাৰম্ভ কৰে। সভাপতিয়ে উত্তোলন কৰা মূল পতাকাৰ লগতে সন্মিলনীৰ আন ৪৩খন পতাকা ৰাজ্যখনৰ বিভিন্ন মহকুমা সন্মিলনীৰ পৰা অহা সভাপতি অথবা সম্পাদক সকলে

উত্তোলন কৰে। পতাকা উত্তোলন কৰি সভাপতি অখিল চন্দ্ৰ নাথে কয় যে, ১৯৪৯ চনত বৰাক উপত্যকাৰ অখণ্ড কাছাৰ জিলাৰ শিলচৰত জন্ম লাভ কৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪সংখ্যক অধিৱেশন অখণ্ড কাছাৰৰে হাইলাকান্দিত অনুষ্ঠিত কৰাৰ জৰিয়তে জন্মভূমিতে আজি প্ৰতিষ্ঠা লগ্নৰ মধুৰ অতীত স্মৰণ কৰা হৈছে। প্ৰতিষ্ঠাপক ককা নীলমণি ফুকন আৰু পৰৱৰ্তী কালত যি সকল শিক্ষাগুৰুৱে নেতৃত্ব প্ৰদান কৰি অসম ৰাজ্যিক শিক্ষক সন্মিলনীক ৰাজ্যৰ আটাইতকৈ শক্তিশালী শিক্ষক সংগঠনৰূপে গঢ়ি তুলিলে, সেই সকল নমস্য শিক্ষক নেতাৰ ত্যাগ আৰু অৱদানক সুৱৰি সভাপতি অখিল চন্দ্ৰ

নাথে ভাষণত ভৱিষ্যতৰ ‌দিনতো সন্মিলনী অধিক সবল ৰূপত আগবাঢ়িব বুলি আশা প্ৰকাশ কৰে। পতাকা উত্তোলনৰ পিছত প্ৰতিষ্ঠাকালৰে পৰা বিগত সময়ছোৱাত সন্মিলনীক নেতৃত্ব প্ৰদান কৰি চিৰস্মৰণীয় অৱদান যোগাই থৈ যোৱা ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰয়াত নেতা সকলৰ প্ৰতি স্মৃতি তৰ্পণ কৰে ৰাজ্যিক সন্মিলনীৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি অজয় দাসে। ছহিদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য কে এইছ কৃষ্ণমোহন সিনহা আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক উপ-সভাপতি ড° গোলাব চন্দ্ৰ নন্দীয়ে।অধিৱেশন উপলক্ষে ৰবীন্দ্ৰ ভৱনত দিনৰ ১১ বজাৰ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল

চন্দ্ৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হয় এলানি বক্তৃতানুষ্ঠান। ‘অসমৰ প্ৰাথমিক ইতিহাসত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী ‘ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ প্ৰাক্তন কাৰ্যকৰী সদস্য ৰাজীৱ লোচন সন্দিকৈয়ে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকদ্বয় ড° নিৰঞ্জন ৰায় আৰু ড° গঙ্গাভূষণ এম মলাঙ্কলে একাদিক্ৰমে ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু শিশুৰ শিক্ষাৰ অধিকাৰ’ আৰু ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু শিক্ষাত ব্যক্তিগত অংশীদাৰীত্ব’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে। বক্তৃতানুষ্ঠানত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু শিশুৰ শিক্ষাৰ অধিকাৰ আৰু শিক্ষাত ব্যক্তিগত অংশীদাৰীত্ব‌ বিষয়ত অসম ৰাজ্যিক

প্ৰাথমিক শিক্ষক সন্মিলনীৰ স্থিতি আৰু বক্তব্য প্ৰকাশ কৰি প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে,শিক্ষাৰ অধিকাৰ আইন ২০০৯ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ মাজত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত উল্লেখনীয় অমিল আছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ফলপ্ৰসূ কৰিবলৈ শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ প্ৰয়োজনীয় সংশোধনী আনিবলৈ আজিৰ বক্তৃতানুষ্ঠানে ভাৰত চৰকাৰক পৰামৰ্শ আগবঢ়ায়। আজি বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি আৰু বিষয়-বাছনি সভাৰ প্ৰথম বৈঠকৰ আৰম্ভণিতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ একেৰাহে তিনিটা কাৰ্যকাল বিষয়-বাবত থাকি কাৰ্যনিৰ্বাহ

কৰা চাৰি গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক হীৰালাল পাটোৱাৰী বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্ৰী চাৰিগৰাকী হ’ল প্ৰাক্তন সভাপতি আনোৱাৰ হুছেইন (ধুবুৰী), প্ৰাক্তন সৰ্বভাৰতীয় সদস্য ৰাজীৱ লোচন সন্দিকৈ (ধনশিৰি), প্ৰাক্তন উপ-সভাপতি সুব্ৰত ধৰ (কোকৰাঝাৰ) আৰু প্ৰাক্তন উপ-সভানেত্ৰী ৰুণুমী বুঢ়াগোহাঁই (ধেমাজি)। উল্লেখযোগ্য যে, অধিৱেশনত অংশগ্ৰহণ কৰা ৰাজ্যখনৰ ৫২ টা মহকুমা সন্মিলনীৰ সহস্ৰাধিক শিক্ষক প্ৰতিনিধিৰ উপস্থিতিয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ বাৰ্তা বিলাই হাইলাকান্দিত এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.