ashomiyapatrika.com

চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

0 35

গুৱাহাটীঃ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্বৰগম সংগীত একাডেমীৰ সহযোগত দহ দিনীয়া কার্যসূচীৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত কর্মশালাৰ সফল সামৰণি পৰে। ৮ জুলাইৰ পৰা ১৮ জুলাইলৈ গ্রীষ্মকালীন বন্ধৰ সৈতে সংগতি ৰাখি আয়োজন কৰা উক্ত কর্মশালাখনত সামৰণি অনুষ্ঠানটো বার্ণাঢ্য কার্যসূচী অনুষ্ঠিত কৰে। উল্লেখ্য যে চন্দ্ৰপুৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্রহণ কৰা উক্ত কর্মশালাখনত বিশেষকৈ জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীতৰ প্রশিক্ষণ দিয়া হয়। কর্মশালাত প্রশিক্ষক হিচাপে অংশগ্রহণ কৰে স্বৰগম সংগীত একাডেমীৰ অধ্যক্ষ ভাস্কৰ ৰঞ্জন গোহাঁই আৰু

অধ্যক্ষা মনালিছা দাস গোহাঁইয়ে৷ আনহাতে, চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সৌৰভ দাসে আত ধৰা কর্মশালাৰ সামৰণি অনুষ্ঠানটোৰ বন্তি প্রজ্বলনেৰে শুভ উদ্বোধন কৰে সদৌ সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিপজ্যোতি মালাকৰে। ইয়াৰ পিছতে কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীয়ে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ৰাভা সংগীত পৰিৱেশন কৰে। আজিৰ এই সামৰণি অনুষ্ঠানত চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিতুল কলিতা,সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰমেন ঠাকুৰীয়া, সহকাৰী সাধাৰণ সম্পাদক মৃদুল কুমাৰ দাস,সাংগঠনিক সম্পাদক চানবলী মাহতু প্ৰমূখ্য কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু কৰ্মশালা অংশগ্ৰহণ কৰা প্ৰক্ষিনাৰ্থী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.