কেন্দ্রীয় গুৰু উদ্যোগ মন্ত্ৰীলৈ ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বড়াৰ পত্ৰ
ডিব্ৰুগড়ৰ টিংখং আৰু দিচাম চাহ বাগিচাত মজুৰি আৰু ৰেচনক লৈ অচলাবস্থা
গুৱাহাটীঃ ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংখং আৰু দিচাম চাহ বাগিচাত মজুৰি আৰু ৰেচন প্ৰদানক কেন্দ্ৰ কৰি দীর্ঘ দিন ধৰি চাহ শ্রমিক, কৰ্মচাৰী আৰু মালিক পক্ষৰ মাজত এক অচলাৱস্হাৰ চলি আছে। এই অচলাৱস্হা দূৰ কৰি বাগিচা দুখনৰ শ্ৰমিক কৰ্মচাৰী সকলক সকাহ দিয়াৰ বাবে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই কেন্দ্রীয় গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখ্য যে এণ্ড্ৰিউ য়ুল গ্ৰুপৰ অধীনস্থ টিংখং আৰু দিচাম চাহ বাগিচা দুখনৰ শ্ৰমিক আৰু কৰ্মচাৰী সকলে দীর্ঘ দিন ধৰি নিয়মীয়াকৈ দৰমহা, মজুৰি আৰু ৰেচন লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত
বাগিচাদুখনৰ শ্ৰমিক কৰ্মচাৰী সকলৰ মাজত অসন্তুষ্টি সৃষ্টি হৈছে। এণ্ড্ৰিউ য়ুল গ্ৰুপৰ কতৃপক্ষই নিয়মীয়াকৈ মজুৰি আৰু ৰেচন আদায় নিদি দুমাহ পলমকৈ দৰমহা আৰু মজুৰি প্ৰদানৰ লগতে তিনিমাহ পলমকৈ ৰেচন প্ৰদান কৰিছে। শ্ৰমিকৰ প্ৰদান কৰিব লগা ৰেচন এপ্ৰিল মাহ পৰ্যন্ত যোগান ধৰাৰ ফলশ্ৰুতিত বাগিচা দুখনৰ শ্রমিক কৰ্মচাৰী সকলৰ মাজত গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিয়ে বাগিচা দুখনত আইনশৃংখলা জনিত পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকাও কঢ়িয়াই আনিছে। তদুপৰি এচাম দুষ্ট চক্ৰই পৰিস্থিতিৰ সুযোগ লৈ শ্ৰমিক সকলক মালিক পক্ষৰ বিৰুদ্ধে উচটাই এক অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি সমস্যাটোৰ আশু সমাধানৰ বাবে অসমৰ উদ্যোগ মন্ত্রী বিমল বড়াই কেন্দ্রীয় মন্ত্রীগৰাকীলৈ এই পত্ৰখন প্ৰেৰণ কৰিছে৷