ashomiyapatrika.com

নতুন ৰূপত নিৰ্মিত পল্টন বজাৰৰ জনজাতি বিশ্ৰাম গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

0 30

জনজাতি শিক্ষাৰ্থী, ৰোগীয়ে কম খৰচত পাব থকা- খোৱাৰ সুবিধা

গুৱাহাটীঃ অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পল্টন বজাৰৰ ছ’লাপাৰাত নতুন ৰূপত নিৰ্মিত জনজাতি বিশ্ৰাম গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগে এক কোটি টকা ব্যয়েৰে ভৱনটো নতুন ৰূপত নিৰ্মাণ কৰি উলিয়াইছে৷ ভৱনটো উদ্বোধনৰ অন্তত সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী ডাঃ পেগুৱে কয় যে, পল্টন বজাৰত থকা জনজাতি বিশ্ৰাম গৃহটো অসমৰ জনজাতি সমাজৰ বাবে এক ঐতিহ্যমণ্ডিত ভৱন৷ বহু ঐতিহাসিক ঘটনাৰ সাক্ষী এই ভৱনটো বিগত ১৭ বছৰে অব্যৱহৃত হৈ আছিল৷ এতিয়া ভৱনটো নতুন ৰূপত নিৰ্মাণ কৰি তুলা হৈছে৷ বিশ্ৰাম গৃহটো সাধাৰণ

জনজাতি ৰাইজৰ বাবে নিৰ্মাণ কৰা হৈছে৷ মন্ত্ৰী, বিধায়ক, বিষয়া বা ব্যৱসায়ীৰ বাবে নহয়৷ বিশেষকৈ শিক্ষাৰ্থী আৰু গুৱাহাটীত চিকিৎসাৰ বাবে অহা ৰোগী আৰু ৰোগীৰ অভিভাৱকে সামান্য ভাড়া দি ইয়াত থাকিব পাৰিব৷ ইয়াত থকিবলৈ অহা লোকসকলে নতুনকৈ আৰম্ভ কৰা কেন্টিনত সুলভ মূল্যত আহাৰো খাব পাৰিব৷ মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন জিলাত থকা জনজাতি বিশ্ৰাম গৃহসমূহৰ সু-পৰিচালনাৰ বাবে জনজাতি বিশ্ৰাম গৃহ পৰিচালনা সমিতি এখন গঠন কৰা হৈছে৷ সমিতিত স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগতে বিভিন্ন জনজাতি সংগঠনৰ প্ৰতিনিধিকো সদস্য হিচাপে ৰখা হৈছে৷ আজিৰ অনুষ্ঠানত ৰাভা হাছং স্বায়ত্ব শাসিত

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰী, জনজাতি পৰিক্ৰমা (ভৈয়াম)ৰ সঞ্চালক উদয়াদিত্য গগৈ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.