কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলে কমিছনৰ বাবদ পাবলগীয়া প্ৰায় ১৮০ কোটি টকা
গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ী সকলে চাউল বিতৰণৰ বাবদ পাবলৈ থকা কমিছনৰ প্ৰায় ১৮০ কোটিৰ অধিক টকা ইতিমধ্যে মুকলি কৰি দিছে ৷ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই কথা সদৰি কৰি কয় যে, বিভাগে সুলভ মূল্যৰ দোকানৰ ব্যৱসায়ীসকলে তেওঁলোকে কমিছনৰ বাবদ পাবলগীয়া ধন শীঘ্ৰেই লাভ কৰিব৷ এই সংক্ৰান্তত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণ বিধি বলবৎ থকা হেতুকে কেন্দ্ৰীয় চৰকাৰে এই ধনখিনি মোকলাই দিব পৰা নাছিল ৷ মন্ত্ৰী দাসে ৰাজ্যখনৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলক তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে৷