ashomiyapatrika.com

বৰষুণ-বানৰ সময়ত ধীৰ-স্থিৰ গতিত বাহন চলোৱাৰ আহ্বান পৰিবহণ বিভাগৰ

0 35

গুৱাহাটীঃ ধাৰাসাৰ বৰষুণ আৰু বানৰ সময়ত দ্ৰুতগতি পৰিহাৰ কৰি ধীৰ-সুস্থিৰ গতিত আৰু অতি সতৰ্কতাৰে বাহন চলাবলৈ আহ্বান জনাইছে পৰিবহণ বিভাগে। পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে এই সন্দৰ্ভত কয় যে এতিয়া ধাৰাসাৰ বৰষুণ আৰু বানৰ সময়। বৰষুণৰ পিছত পথ সাধাৰণতেই অতি পিছল হৈ পৰে ৷ কিয়নো শুকান পথৰ ধূলি-বোকা আৰু বাহনৰ তেল পানীৰ সৈতে মিলি পথত এটা যথেষ্ট পিছল স্তৰ গঠন কৰে। তদুপৰি প্ৰচণ্ড বৰষুণত বাহনৰ টায়াৰ আৰু পথৰ মাজত পানীৰ তৰপ জমা হ’লে বাহনে স্বাভাৱিকতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰি দুৰ্ঘটনাত পতিত

হ’ব পাৰে ৷ এনেকুৱা পৰিস্থিতিত দুচকীয়া বাহনৰ চালক অথবা আৰোহী পথত পিছলি পৰাটো তেনেই সাধাৰণ ৷ ইফালে ঘৰ-দুৱাৰ বানত ডুব যোৱা অৱস্থাত কোনো স্থানত বানাক্ৰান্তই পথৰ দাতিত বাহৰ পাতিবলগীয়া হ’ব পাৰে। সেয়ে এনে অৱস্থাত যানবাহন ব্যৱহাৰকাৰীসকল সজাগ হ’ব লাগিব। এইখিনি সময়ত যাতে কোনো অনাকাংক্ষিত দুৰ্ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰবাবে সকলোকে সংযম, সুৰক্ষিত আৰু ধৈৰ্য্য সহকাৰে বাহন চলাই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নিজে সুৰক্ষিত হৈ থকাৰ লগতে পথত আনকো পাৰ্যমানে সুৰক্ষা দিবলৈ পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে বিনম্ৰতাৰে সকলোৰে প্ৰতি আহ্বান জনায়।

Leave A Reply

Your email address will not be published.