ashomiyapatrika.com

প্ৰথম মৃত্যু বাৰ্ষিকীত মনজিৎ মহন্তক স্মৰণ, স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি

0 26

গুৱাহাটীঃ বিশিষ্ট সাংবাদিক, ৰাজনৈতিক নেতা প্ৰয়াত মনজিৎ মহন্তক প্ৰথম মৃত্যুবাৰ্ষিকীত আজি তেখেতৰ সতীৰ্থসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত সাংবাদিকগৰাকীৰ গুৱাহাটীৰ বাসগৃহত দিনৰ ১১ বজাত সাংসদ অজিত কুমাৰ ভূঞাই বন্তি প্ৰজ্বলনৰে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মনজিৎ মহন্তৰ পৰিয়ালৰ তৰফৰ পৰা মহন্তৰ জীৱনক লৈ প্ৰস্তুত কৰা এখনি তথ্যচিত্ৰও আজি প্ৰদৰ্শন কৰে। মহন্তৰ সাংবাদিক, সামাজিক আৰু ৰাজনৈতিক জীৱন আলোকপাত কৰি অহা বছৰৰ ১০ জুলাইত প্ৰকাশ কৰিব পৰাকৈ এখন গ্ৰন্থ প্ৰকাশৰ বাবেও আজি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মনজিৎ মহন্তৰ জীৱন আৰু কীৰ্তি সন্দৰ্ভত আলোকপাত

কৰি সাংসদ অজিত ভূঞাই কয় যে সুৰুচিসম্পন্ন মহন্ত আছিল এজন ভাল শিল্পীও। ভূপেন হাজৰিকাৰ গীত চৰ্চা কৰা মনজিৎ মহন্তই ফটোগ্ৰাফিতো নিপুণ আছিল। লে-আউট মাষ্টাৰ হিচাপে পৰিচিত মনজিৎ মহন্তই কৰ্মজীন আৰম্ভ কৰিছিল ‘আজিৰ অসম’ নামৰ কাকতখনৰ জৰিয়তে। বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰেও মনজিৎ মহন্তৰ সংগ্ৰামী জীৱনৰ স্মৃতিচাৰণ কৰে। প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইন, সমাজকৰ্মী দীপাংক হাজৰিকা, কুশল শৰ্মা, গোপাল শৰ্মা, মুকুট লোচন কলিতা, জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয় প্ৰমুখ্যে অগণন গুণমুগ্ধই আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপন কৰে। মনজিৎ মহন্তৰ জ্যেষ্ঠ ভাতৃ ৰণজিৎ কুমাৰ মহন্তই অনুষ্ঠানটোৰ আয়োজন কৰি সকলোকে কৃতাৰ্থ কৰা বুলি অভ্যগতসকলে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.